নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৬ শতাংশলৈ বৃদ্ধি ৰাজ্যিক কর্মচাৰীৰ মৰগীয়া বানচ

বিশেষ বাৰ্তা, ২৯ নৱেম্বৰঃ ৰাজ্যিক কর্মচাৰীসকলৰ বাবে সুখবৰ৷ ৪৬ শতাংশলৈ বৃদ্ধি পালে ৰাজ্যিক কর্মচাৰীৰ মৰগীয়া বানচ৷ যোৱা এক জুলাইৰ পৰা কার্যকৰী হোৱাকৈ অসম চৰকাৰে ৰাজ্যিক কর্মচাৰীৰ মৰগীয়া বানচ চাৰি শতাংশ বৃদ্ধি কৰাৰ ফলত সেই পৰিমাণ ৪৬ শতাংশলৈ বৃদ্ধি পালে৷ উল্লেখ্য যে অলপতে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে ৰাজ্যিক কর্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধিৰ প্রস্তাৱত অনুমোদন জনায়৷ আজি বিত্ত বিভাগে এক অফিচ মেম’ৰেণ্ডাম (নং এফইজি ২৪৯৮/২০১৭/২৭১)যোগে এই কথা প্রকাশ কৰে৷ সেই অনুসৰি ৰাজ্যিক কর্মচাৰীসকলক চলিত বর্ষৰ জুলাই মাহৰ পৰা নৱেম্বৰ মাহলৈ মুঠ ৫ মাহৰ বকেয়া দুটা কিস্তিত আদায় দিব৷ ৫০ শতাংশকৈ দুটা কিস্তিত আদায় দিবলগীয়া বকেয়াৰ প্রথমটো কিস্তি ডিচেম্বৰত আদায় দিয়া হ’ব৷ বাকী ৫০ শতাংশ বকেয়া অহা বছৰৰ এপ্রিল মাহত আদায় দিব৷ মন কৰিবলগীয়া এয়ে যে কেবিনেটে দুটা কিস্তিত মৰগীয়া বানচৰ বকেয়া আদায়ৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছতে সদৌ অসম কর্মচাৰী পৰিষদকে ধৰি ৰাজ্যৰ কর্মচাৰী সংগঠনসমূহে একেটা কিস্তিতে বর্ধিত মৰগীয়া বানচৰ বকেয়া আদায় দিয়াৰ দাবী উত্থাপন কৰিছিল৷ এইক্ষেত্রত ৰাজ্য চৰকাৰক কেবিনেটত গ্রহণ কৰা সিদ্ধান্ত পুনৰীক্ষণ কৰাৰো দাবী উত্থাপন কৰিছিল৷ কিন্তু আজি বিত্ত বিভাগে অফিচ মেম’ৰেণ্ডামৰ জৰিয়তে বকেয়া মৰগীয়া বানচ দুটা কিস্তিত আদায়ৰ নির্দেশনা দিয়াৰ লগে লগে কর্মচাৰী সমাজে দাবী কৰি অহাৰ দৰে একেটা কিস্তিতে বকেয়া মৰগীয়া বানচ আদায় লাভ নকৰাটো নিশ্চিত হৈ পৰে৷

#বাৰ্তা ডেস্ক

You might also like