নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ বান পৰিস্থিতি আৰু সাহায্যৰ বুজ ল’লে ৰাজ্যৰ ৰাজহ মন্ত্ৰী মহনে

নিয়মীয়া বাৰ্তা,২৭ আগষ্ট: ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি চিৰাং জিলাত উপস্থিত হৈ জিলা খনৰ বান পৰিস্থিতিৰ বুজ লয়। জিলা সদৰত উপস্থিত হৈ ৰাজহ মন্ত্ৰী মহন আৰু চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত এক পৰ্যালচনা সভাত অংশগ্ৰহণ কৰে। জিলা উপায়ুক্ত আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে মতবিনিময় কৰি জিলা খনৰ বান আৰু খহনীয়াৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লয়। মন্ত্ৰী মহনে বান ক্ষতিগ্ৰস্ত ৰাইজৰ উদ্ধাৰ আৰু সাহায্য প্ৰদানত ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্ত আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলক নিৰ্দেশ দিয়ে। সভাৰ অন্তত মন্ত্ৰী মহনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে পূৰ্বে ক্ষতিগ্ৰস্ত সকলক সাহায্য ৰাজ্যৰ ৰাজধানী চহৰৰ পৰা প্ৰদান কৰা হৈছিল। বৰ্তমানৰ চৰকাৰ খনে জিলা উপায়ুক্তক কৰ্তৃত্ব প্ৰদান কৰি ৰাজধানী চহৰৰ পৰিৱৰ্তে জিলাত সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে।

ফলত ক্ষতিগ্ৰস্ত সকলে পূৰ্বৰ এবছৰ সময়ৰ পৰিৱৰ্তে এমাহৰ ভিতৰত সাহায্য লাভ কৰিবলৈ সক্ষম হ’ব। বৰ্তমানৰ চৰকাৰ খনে সাহায্য আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সকলো ধৰণৰ পদক্ষেপ হাতত লৈছে বুলি মন্ত্ৰী মহনে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ উপৰি মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস চিৰাং জিলালৈ আহি আছে বুলি জানিবলৈ দিয়ে।

ৰাজহ মন্ত্ৰী জনে জিলা খনৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্ম, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত কুমাৰ বসুমতাৰী আৰু উপায়ুক্ত প্ৰমুখ্যে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে জিলা খনৰ বান খহনীয়া অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতেও মতবিনিময় কৰি অভাৱ অভিযোগৰ বুজ লয়। শিবিৰত আশ্ৰয় লৈ থকা একাংশ ক্ষতিগ্ৰস্তৰ সৈতে প্ৰত্যক্ষভাৱে মতবিনিময় কৰি তেওঁলোকে জিলা প্ৰশাসনৰ জৰিয়তে লাভ কৰা বিভিন্ন  চৰকাৰী সাহায্য সামগ্ৰীৰো পৰ্যৱেক্ষণ কৰে। বন্যাৰ্তশিবিৰত থকা লোক সকলক ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা উপলব্ধ কৰিব বুলি ৰাজহ মন্ত্ৰী যোগেন মহনে আশ্বাস প্ৰদান কৰে।।

You might also like