মেলেংত মৰ্মান্তিক ঘটনা:দিপাৱলীত টকা বিচৰাৰ বাবেই পিতৃ আৰু মাহীমাকে মৰিয়াই হত্যা কৰিলে পুত্ৰক
নিয়মীয়া বাৰ্তা ০৯ নৱেম্বৰঃ টীয়কৰ মেলেং বৰখেলীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।মাহীমাক আৰু নিজ পিতৃয়ে হত্যা কৰি পুত্ৰৰ মৃতদেহ পুতি থ’লে শৌচাগাৰৰ গাঁতত ।ঘটনা অনুসৰি, দিপাৱলী উদযাপনৰ বাবে পুত্ৰ কাকুমণি বৰাই মাহী মাক সৰু মাই দত্ত বৰা,পিতৃ ফণীধৰ বৰাক বিচাৰিছিল ১০ হাজাৰ টকা।যাৰ বাবে ৩১ অক্টোবৰৰ নিশা পিতৃ আৰু মাহীমাকে কাকুমণিক ফলীয়া বাহঁৰে মৰিয়াই মৰিয়াই হত্যা কৰে৷ হত্যা কৰাৰ পাছত যুৱকজনৰ মৃতদেহতো শৌচাগাৰৰ গাঁতত পুতি থয়।
জানিব পৰা মতে ৬ মাহ পূর্বে বৈঠালাংছত নিৰুদ্দিষ্ট হোৱা আৰক্ষী জোৱান ৰিতু বৰাৰ ভাতৃ আছিল কাকুমণি বৰা৷ ঘটনা পোহৰলৈ অহাৰ পাছতেই টীয়ক আৰু লাহদৈগড় আৰক্ষীয়ে মাহীমাক সৰু মাই দত্ত বৰা,পিতৃ ফণীধৰ বৰাক আটক কৰে৷আৰক্ষীয়ে অধিক তথ্যৰ বাবে 756/21 302/120(B) 201/34 গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰখাৰ লগতে দুয়োকে জেললৈ প্ৰেৰণ কৰে৷