নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰৰ ৰত্নপীঠ কলেজত দুৰ্বাদল মাৰপিট

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : আজি পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই এক দুৰ্ভাগ্যজনক তথা বিদ্বৎ মহলক লজ্জানত কৰা ঘটনাৰ সাক্ষী হবলগীয়া হ’ল সমগ্ৰ চাপৰবাসী। মূল্যবোধৰ ৰাজনীতিৰ প্ৰতিভূস্বৰূপ জননেতা শৰৎ চন্দ্ৰ সিংহৰ মানসকন্যা স্বৰূপ চাপৰৰ ৰত্নপীঠ কলেজত আজি শিক্ষকক সম্বৰ্ধনা জনোৱাক লৈ ছাত্ৰৰ দুটা ফৈদৰ মাজত দুৰ্বাদল কাজিয়াৰ সূত্ৰপাত হৈ শেষত প্ৰচণ্ড মাৰপিটৰ ঘটনালৈ পৰ্যবসিত হোৱা ঘটনাই সমগ্ৰ চাপৰবাসীকে হতচকিত কৰি তুলিছে। ঘটনাৰ পমখেদি জানিব পৰা মতে মহাবিদ্যালয়খনত শিক্ষক দিৱস উদযাপনৰ উদ্দেশ্যে ছাত্ৰসকলৰ মাজৰ পৰাই এখন উদযাপন সমিতি গঠিত হয়। সমিতিখনৰ উদ্যোগতে আজি মহাবিদ্যালয়ৰ মুকলি  মঞ্চত শিক্ষক দিৱসৰ কাৰ্য্যসূচী আৰম্ভ হয়। কাৰ্যসূচী অনুসৰি শিক্ষাগুৰুক সম্বৰ্ধনা জ্ঞাপনৰ অনুষ্ঠান চলি থকা সময়তে উদণ্ড ছাত্ৰৰ পোন্ধৰ জনীয়া দল এটাই সম্বৰ্ধনা জ্ঞাপক হিচাপে তেওঁলোকৰ নাম কিয় নাই বুলি প্ৰথমে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। পাচলৈ পৰিৱেশে দুৰ্বাদল কাজিয়াৰ ৰূপ লৈ শেষত প্ৰচণ্ড মাৰপিটলৈ পৰ্যবসিত হয়। এই দুৰ্ভাগ্যজনক ঘটনাই সকলোকে হতভম্ব কৰি তোলে। লজ্জাজনক ঘটনাটোত উদ্যোক্তা ছাত্ৰসকলৰ ৰাছিদুল ইছলাম, মোস্তাফা ইছলাম, চালিম আখতাৰ, নুৰ ইছলাম ৰ লগতে বিৰোধী উদণ্ড ছাত্ৰদলটোৰ জবেদ ইছলাম, সোনাবউদ্দিন, হাশিফুল ইছলাম আৰু ৰেজ্জাক আলীকে ধৰি কেবাজনো ছাত্ৰ আহত হয়। ইয়াৰে জবেদ ইছলাম গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে। এই সমগ্ৰ ঘটনাটো নিয়ন্ত্ৰণ কৰাত কলেজ কৰ্তৃপক্ষ সম্পুৰ্ণৰূপে ব্যৰ্থ হোৱা ঘটনাই স্থানীয় ৰাইজক আশ্চৰ্য কৰি তুলিছে। ইপিনে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ নয়ন কলিতাই ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিয়েই দায়িত্ব সামৰে বুলি সৰ্বত্ৰে চৰ্চা হৈছে। শিক্ষক দিৱসৰ দিনাই চাপৰৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠানখনত সংঘটিত এনে দুৰ্ভাগ্যজনক তথা লজ্জাজনক ঘটনাটোক চাপৰৰ বিদ্বত মহলে একমুখে ধিক্কাৰ দিছে।
প্ৰেৰক সমৰেশ শীল শৰ্মা
You might also like