হাইস্কুল শিক্ষান্তত ষ্টাৰ নম্বৰপ্রাপ্ত কয়াটোলৰ নিৰুপম কলিতাৰ সলিল সমাধি
নিয়মীয়া বার্তা, ২৮ জুনঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বামুন্দী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা ষ্টাৰ নম্বৰপ্রাপ্ত নিৰুপম কলিতাৰ কালি আবেলি প্রায় ৫ বজাত সলিল সমাধি ঘটে৷ জানিব পৰা মতে, হাজো ৰাজহ চক্রৰ তথা শুৱালকুছি থানাৰ অন্তর্গত বামুন্দী কয়াটোল নিৱাসী পদ্মৰাম ভৰালী হাইস্কুলৰ শিক্ষক দেৱেন কলিতাৰ মেধাৱী পুত্র নিৰুপম কলিতাই কালি আবেলি সমনীয়াৰ সৈতে জাল পাতিবলৈ কয়াটোল–দামপুৰ পথৰ দলঙৰ ওচৰৰ পথাৰলৈ যায়৷
জাল পাতি পানীৰ মাজেৰে আহি থাকোঁতে হঠাৎ দ’ খাৱৈত পৰি ছাত্রজন পানীত ডুব যায়৷ দ’ খাৱৈৰ পৰা নিৰুপমক উদ্ধাৰ কৰাটো সমনীয়াসকলৰ বাবে কঠিন হৈ পৰে৷ নিৰুপমৰ বন্ধুসকলে চিঞৰ–বাখৰ কৰাত স্থানীয় একাংশ লোকে তাৎক্ষণিকভাৱে তেওঁক উদ্ধাৰ কৰিবলৈ পানীত নামি পৰে৷ কিছু সময়ৰ পাছত নিৰুপমক পানীৰ পৰা উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয় যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হৈছিল৷
নিৰুপমৰ নিথৰ দেহটো লৈ ১০৮ এম্বুলেঞ্চযোগে শুৱালকুছি গ্রাম্য চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ মেধাৱী ছাত্র নিৰুপমৰ মৃত্যুত সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সম্পাদক প্রকাশ চন্দ্র দাস, আছু নেতা পংকজ কলিতা, দিবাকৰ কলিতা, সুৰজিৎ কলিতা, স্থানীয় বিধায়িকা সুমন হৰিপ্রিয়া, শংকৰদেৱ শিশু বিদ্যা নিকেতন, বামুন্দী, সমাজকর্মী দীনমণি ভাণ্ডাৰকায়স্থ, বিজেপি নেতা ৰাতুল শর্মা, বিপুল দাস, কংগ্রেছী নেতা দুলু আহমেদ, বিভিন্ন দল–সংগঠন, ব্যক্তিবিশেষে শোক প্রকাশ কৰিছে৷