নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিপো নৈৰ বাঢ়নী পানীত ছাত্রৰ সলিল সমাধি

নিয়মীয়া বার্তা, ২৮ জুনঃ  বিলাসীপাৰা মহকুমাত ব্রহ্মপুত্র, গৌৰাং, দ্বিপো, টিপকাই নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ আজি দ্বিপো নৈৰ বাঢ়নী পানীৰ সোঁতে প্রাণ কাঢ়ি নিলে এজন কিশোৰ ছাত্রৰ৷ প্রাপ্ত বাতৰি মতে মাছ ধৰা জাল তুলিবলৈ গৈ নৈখনৰ প্রবল সোঁতত উটি যায় ছাত্রজন৷ কিশোৰজন মহকুমাটোৰ লক্ষীগঞ্জ আৰক্ষী চকীৰ অন্তর্গত চোকাপাৰা গাঁৱৰ ছাহিদুল ইছলামৰ পুত্র ৰাব্বিউল ইছলাম ওৰফে ৰ’জ (১৫) বুলি জানিব পৰা গৈছে৷

পাছত নৈখনৰ সোঁতত উটি যোৱা কিশোৰ ছাত্রজনক উদ্ধাৰ কৰিবলৈ এছ ডি আৰ এফ বাহিনী আৰু লক্ষীগঞ্জ আৰক্ষীয়ে চলায় উদ্ধাৰ অভিযান৷ কিন্তু উদ্ধাৰ অভিযানত সম্পূর্ণৰূপে ব্যর্থ হয়৷ অৱশ্যে পাছত স্থানীয় লোক এজনে (ডুবাৰু) কলগছৰ ভূৰৰ সহায়ত অভিযান চলাই সন্ধানহীন কিশোৰ ছাত্রজনক নৈখনৰ সোঁতৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে ব্রহ্মপুত্র আৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে বিলাসীপাৰা মহকুমাৰ বিস্তীর্ণ অঞ্চলত৷ প্রথমটো বানৰ বিভীষিকাত গৃহহীন হৈ পৰিছে বহু পৰিয়াল৷

উল্লেখ্য যে বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নৈকেইখনৰ জলস্তৰ ফেনে–ফোটোকাৰে ওফন্দি উঠিছে৷ ফলত মহকুমাটোৰ বিস্তীর্ণ অঞ্চলত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে৷ ব্রহ্মপুত্র আৰু গৌৰাং নৈৰ বাঢ়নী পানীৰ কবলত বিলাসীপাৰা চহৰৰ ৯, ১০ আৰু ১১ নম্বৰ ৱার্ডৰ লগতে কাজাইকাটা, ছুৱাপাতা, হাতীপোতা, কাঠালদি আদিকে ধৰি প্রায় কুৰিখন গাঁও জলমগ্ণ হৈ পৰিছে বুলি জানিব পৰা গৈছে৷

বাঢ়নী পানীৰ তলত বুৰ গৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিলাসীপাৰা উপ–সংমণ্ডল কার্যালয়, চি আৰ পি এফৰ শিবিৰ৷ লগতে শ শ পৰিয়ালৰ বাসগৃহ৷ আনহাতে মহকুমাৰটোৰ বগৰীবাৰীৰ মহাত্মা গান্ধী আদর্শ চিকিৎসালয়খনো টিপকাই নৈৰ বাঢ়নী পানীত ডুব যোৱাৰ লগতে একাংশ পথৰ ওপৰেদি পানী বাগৰি যোৱাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে৷

You might also like