২৩ ঘণ্টাৰ পিছত উদ্ধাৰ নিৰুদ্দিষ্ট ছাত্ৰৰ মৃতদেহ
নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত বাঢৈচলা গাঁওৰ হোমেন খনিকৰ আৰু অমিয়া খনিকৰৰ পুত্ৰ তথা কেঁকুৰি ট্ৰাইবেল হাইস্কুলৰ ছাত্ৰ সুপ্ৰতিম খনিকৰ ( ১৫ ) কালিৰে পৰাই নিৰুদ্দেশ হৈ আছিল। অষ্টম শ্ৰেণীৰ ছাত্ৰজনৰ মৃতদেহ আজি পুুুুৱা ৯.৫৫ বজাত উদ্ধাৰ হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
ঘটনাৰ বিৱৰণী মতে, উক্ত কিশোৰটিয়ে নিজ ককায়েকৰ লগত ১১ অক্টোবৰৰ দুপৰীয়া জাল চাবলৈ যায় আৰু ককায়েকক পঠিয়াই নিজে এটা পুখুৰীত নামি গা ধোৱে৷ পিছত ককায়েকে আহি কিছু দূৰত ভায়েকলৈ অপেক্ষা কৰি পুনৰ পুখুৰীৰ পাৰলৈ ঘূৰি যায় যদিও ভায়েকক নেদেখি কিছু দূৰত ধান দাই থকা মাকৰ ওচৰলৈ গ’ল বুলি ঘূৰি আহি ঘৰত মাকক দেখি আতংকিত হয় ৷
ঘটনাটো বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগেই পৰিয়ালৰ লগতে গাঁওৰ ৰাইজেও বহু বিচাৰ-খোচাৰ কৰিও কিশোৰটিৰ কোনো সম্ভেদ নাপায় আৰক্ষীক খবৰ দিয়াত সন্ধিয়া সোণাৰি চাপৰি আৰক্ষী আৰু ঢকুৱাখনাৰ এছডিআৰএফ বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও ৰাতি
উদ্ধাৰ অভিযান স্থগিত ৰাখিবলগীয়া হয় ৷
আনহাতে আজি পুৱা ৭ মান বজাৰ পৰাই এছডিআৰএফ বাহিনীৰে প্ৰায় দুঘণ্টাৰো অধিক সময় পুখুৰীটোত অনুসন্ধান চলাই বিফল হোৱাত চাৰিজন স্থানীয় লোক অনুসন্ধানত নামি পৰে ৷ স্থানীয় লোককেইজনে পুখুৰীত বুৰ মাৰি কিছু সময় অনুসন্ধান চলোৱাৰ পিছত কেইডালমান পুখুৰীত পেলাই থোৱা জেং পাৰলৈ অনাৰ পিছতেই ছাত্ৰজনৰ মৃতদেও পানীত উপঙি উঠে। শোকাকুল পৰিৱেশৰ মাজেৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰা হয় মৃতদেহটো ৷