নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমৌত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্বৰ্ধনা; কীত্তিমানক কঠোৰ পৰিশ্ৰমৰ কৰিবলৈ পৰামৰ্শ দিলে শিক্ষাবিদে

নিয়মীয়া বাৰ্তা, ৭ জুলাই: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ডিমৌ আঞ্চ লিক সমিতিয়ে সোমবাৰে সদ্যঘোষিত মেট্ৰিক আৰু হায়াৰচেকেণ্ডাৰী পৰীক্ষাত বিশেষ সফলতা লাভ কৰা ৪৫ জন পৰীক্ষাৰ্থীক সম্বৰ্ধনা জনায় ৷

সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ডিমৌ মহাবিদ্যালয়ৰ প্ৰেক্ষা গৃহত এক সম্বৰ্ধনা সভাও অনুষ্ঠিত কৰে৷ সংগঠনটোৰ ডিমৌ আঞ্চলিকৰ সভাপতি দিপক পামেৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক অনন্ত পাণ্ডেই ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত ডিমৌ চাৰি আলি মহাবিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত মিলিয়ে ভাষণ প্ৰসংগত সকলো মেধাৱী ছাত্ৰ ছাত্ৰীকে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ভবিষ্যতে আৰু দেশৰ এজন সুনাগৰিক হিচাপে নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায়৷

সভাত উপস্থিত থকা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ গজেন চন্দ্ৰ মিপুনে পিছপৰা ডিমৌ অঞ্চলতো মেধাৱী ছাত্ৰ ছাত্ৰী সকলে অঞ্চলৰ মান ৰাখিবলৈ সক্ষম হোৱা বুলি গৌৰৱ কৰে ৷ প্ৰথম বিভাগত উত্তীৰ্ণ হ’লেই বিজ্ঞান শাখাত বলপূৰ্বক নামভৰ্তিৰ বাবে হেঁচা দিয়া উচিত নহয় বুলি মন্তব্য কৰে ৷ ইয়াৰ পিছতে একোখনকৈ ফুলাম গামোচা, মান পত্ৰ আৰু কলমৰে কৃতি ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়৷ কাৰ্যসূচীত ডিমৌ চাৰি আলি মহাবিদ্যালয়ৰ ক্ৰমে দীপক শইকীয়া,ইন্দ্ৰকান্ত দিহিঙীয়া, অবন কুমাৰ দলে,মোহন পাংগিং,কবি-সাংবাদিক তথা পদ্ম-স্বৰস্বতী একাডেমীৰ সঞ্চালক জোনটি সোনোৱাল, স্থানীয় শিল্পী লেখন কুম্বা,আগছু কৰ্মী বিষ্ণু ঢুংগানাৰ লগতে ছাত্ৰ মুক্তিৰ প্ৰথম পাঞাং,অভিনয় গাৰে,ৰাজু সোনাৰ, অংকুৰ তান’য়,ভনিতা মিপুন,দীপামনি টাইড আদি উপস্থিত থাকে ৷

You might also like