২৭ বছৰে মধুমেহ ৰোগত আক্ৰান্তহৈ অনায়াসে ক’ভিডক জয় কৰিলে ৫৯ বছৰীয়া বেংক কৰ্মচাৰী ডম্বৰুধৰ শৰ্মাই
নিয়মীয়া বাৰ্তা ২২ মে’:-কভিড মানেই মৃত্যু নহয়। ক’ভিডত আক্ৰান্ত হ’লেই সকলো শেষ হৈ নাযায়। ক’ভিড যিমানেই শক্তিশালী নহওঁক কিয় এই ক’ভিডক আমিও প্ৰতিৰোধ কৰিব পাৰো, আমিও ক’ভিডক পৰাজিত কৰিব পাৰোঁ। ৰাজ্যৰ চৌদিশে ক’ভিড মহামাৰীৰ মৃত্যুৰ কিৰিলি। সামাজিক সংক্ৰমণত বিধস্ত জনজীৱন। চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে মহামাৰীৰ এনে সন্ত্ৰাসত দিকবিদিক হেৰুৱাইছে সাধাৰণ জনতাই। ক’ভিড নিয়ন্ত্ৰণৰ বাবে চৰকাৰে দিয়া কেতবোৰ নিৰ্দেশনা যদি কোনোবাই পালন কৰিছে আন কোনোবাই আকৌ ভেঙুচালি কৰিব খুজিছে।আন কাৰোবাৰ আকৌ পেটতে লুকাইছে হাত-ভৰি। কিন্তু এই মহামাৰীক পৰাজিত কৰি সম্পূৰ্ণ ৰূপে সুস্থহৈ উঠিছে বহু ব্যক্তি। নগাঁও জিলাৰ বৃহত্তৰ ৰহা অঞ্চলত শেহতীয়াকৈ ক’ৰণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা কাৰ্যই সকলোকে স্তম্ভিত কৰি তুলিছে।
ৰহা বাৰপূজীয়া প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত এঘাৰখনকৈ চিকিৎসালয়ৰ এলেকাধীন গাঁৱত সংঘটিত গণ সংক্ৰমণৰ ফলত ক’ভিড ৰোগত আক্ৰান্ত হৈছে শ শ লোক। বহু গাঁৱৰ চুবুৰীয়ে চুবুৰীয়ে কনটেইন্টমেন্ট জ’ন ঘোষণা কৰিছে। ফলত এক প্ৰকাৰৰ ভয় আৰু শংকাৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে সৰ্বসাধাৰণ। কিন্তু শংকা আৰু ভয়ৰ মাজতো ক’ৰণাত আক্ৰান্ত সকলৰ বাবে সাহসৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে ৰহাৰ এজন ব্যক্তি।
উল্লেখ্য যে, মধুমেহ ৰোগত আক্ৰান্ত সকলৰ দেহত ক’ৰণা ৰোগ ধৰা পৰিলে ৰোগীজনৰ জীৱনৰ প্ৰতি তীব্ৰ ভাবুকি অহা বুলি বহু সময়ত প্ৰচাৰ হৈ অহাত একপ্ৰকাৰে মধুমেহ ৰোগী সকলৰ চিন্তাত সাৰগ শুকাইছিল।কিন্তু এনে দুচিন্তাৰ অৱসান ঘটাই ৰহাৰ ডম্বৰুধৰ শৰ্মা নামৰ ব্যক্তিজনে অনায়াসে ক’ভিড ৰোগৰক পৰাস্ত কৰি ক’ভিড মুক্ত হৈ সকলোৰে সাহসৰ প্ৰতীক হিচাপে থিয় দিছে। কাৰণ বৰ্তমান সময়লৈকে ২৭ বছৰে ডায়বেটিক তথা মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা ৰহা ষ্টেট বেংকৰ কৰ্মচাৰী ৫৯ বছৰীয়া ডম্বৰুধৰ শৰ্মাই শেহতীয়াকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছিল। বেংক কৰ্মচাৰী ডম্বৰুধৰ শৰ্মাই নিয়মীয়া বাৰ্তাৰ আগত প্ৰকাশ কৰা মতে ২৭ বছৰে ডায়বেটিক ৰোগত ভুগি থকাৰ বাবে ক’ভিড ৰোগত আক্ৰান্ত হোৱাৰ পাছত পৰিয়াল তথা আত্মীয় স্বজনে লগে লগে চিকিৎসালয়ত ভৰ্তি হ’বলৈ জোৰ কৰিছিল। ফোনৰ ওপৰি ফোন কৰি বিভিন্ন শুভাকাংক্ষীয়ে হেঁচা দিছিল চিকিৎসালয়লৈ যাবলৈ। কিন্তু তেঁওলোকৰ হেঁচা একাষৰীয়াকৈ ৰাখি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাত চিকিৎসকে প্ৰদান কৰা ঔষধ আৰু নিয়ম-নীতি মানি ঘৰৰ এটা আছুতীয়া কোঠাতে বন্দী হৈ থাকে।
এই সময়চোৱাত অকলশৰীয়া অনুভৱ নকৰি সঠিক সময়ত ঔষধ যোগাসন, পৰ্যাপ্ত পৰিমানৰ গৰমপানী, ফলমূল আৰু ৰস আদি গ্ৰহণ কৰিছিল। দেহটো সবল কৰি ৰাখিবলৈ স্থানীয় চিকিৎসালয়ৰ চিকিৎসকৰ সৈতে সঘন যোগাযোগ কৰিছিল। দেহত উপযুক্ত অক্সিজেনৰ ভাৰসাম্যতা জুখিবলৈ অক্সিমিটাৰ ক্ৰয় কৰি নিজে নিজক জুখি চাইছিল। তদুপৰি ঘৰৰ অন্যান্য ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখি ঘৰতো মাস্ক পৰিধান কৰিছিল। এনে নীতি-নিয়মৰ দ্বাৰা দহদিনৰ ভিতৰত নিজকে আৰোগ্য কৰি তুলিছিল।
উল্লেখ্য যে, বেংক কৰ্মচাৰীজন ক’ভিডত আক্ৰান্ত হোৱাত পৰিয়ালৰ সদস্য সকলে একপ্ৰকাৰে শংকিত হৈছিল যদিও দহদিনৰ পাছত সম্পূৰ্ণ সুস্থহৈ উঠাত স্বস্তিৰ নিশ্বাস এৰিছিল পৰিয়ালে। মূলতঃ ক’ৰণাত আক্ৰান্ত হ’লে কোনো ভয় বা শংকা নকৰি ক’ভিড বিধি আৰু নীতি-নিয়ম পালনেৰে ঔষধ সেৱন কৰিলে নিশ্চিতভাৱে ক’ভিডক জয় কৰিব সকলো সক্ষম হ’ব বুলি মন্তব্য কৰে শৰ্মাই। ক’ভিড মুক্ত বেংক কৰ্মচাৰীজনৰ ইতিবাচক আৰু সচেতনতামূলক এক মন্তব্য শেহতীয়াকৈ ছচিয়েল মেডিয়াত প্ৰচাৰ হোৱা লগে লগে বহু ক’ৰণা আক্ৰান্তই সকাহ লাভ কৰিছে বুলি জানিব পৰা গৈছে। চাপৰমুখৰ ছাহাজুল ইচলাম নামৰ এজন ৩৮ বছৰীয়া ডায়বেটিক ৰোগত আক্ৰান্ত ব্যক্তিয়ে ক’ৰণাত আক্ৰান্ত হোৱাৰ পাছত পৰিয়ালৰ লগতে নিজেও হতাশাত ভুগিছিল। নিশ্চিত মৃত্যুৰ দিশে গতি কৰা বুলি ভাৱি খোৱা-লোৱা পৰ্যন্ত কমাই দিছিল। কিন্তু ফেচবুকৰ জৰিয়তে বেংক কৰ্মচাৰীজনৰ ইতিবাচক মন্তব্য শুনি সচেতনতা অৱলম্বন কৰি তেঁৱো দহদিনৰ ভিতৰত ক’ভিড মুক্ত হৈছিল।
তদুপৰি ললিত বৰা নামৰ আন এজন ব্যক্তি ছয় বছৰ ডায়বেটিক ৰোগত আক্ৰান্ত হৈ থকাৰ পাছত ক’ভিডত আক্ৰান্ত হৈ তীব্ৰ হতাশাত ভুগিছিল যদিও ফেচবুকৰ জৰিয়তে বেংক কৰ্মচাৰীজনৰ ইতিবাচক মন্তব্যৰে সাহস লাভ কৰি বৰ্তমান ক’ভিড মুক্ত হয়। উল্লেখ্য যে, ডম্বৰুধৰ শৰ্মাৰ লগতে পত্নী ৰূপা শৰ্মাও ক’ভিডত আক্ৰান্ত হৈছিল যদিও ক’ভিড বিধি পালন কৰি কম সময়ৰ ভিতৰতে ক’ভিড মুক্ত হয় দুয়ো।