নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ লাওখোৱাত দুই কণমানি কন্যাক বিহ খুৱাই হত্যা কৰি পিতৃৰ আত্মহননৰ চেষ্টা

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ নগাঁও জিলাৰ লাওখোৱা চাপৰি থানাৰ অন্তর্গত ৭নং বগামুখত কালি নিশা সংঘটিত হৈছে এক হূদয়বিদাৰক তথা কৰুণ ঘটনা৷ স্বামী–স্ত্রীৰ মাজত দীর্ঘদিনীয়া পাৰিবাৰিক কন্দল চলি থকাৰ মাজতে ৰহিম আলী নামৰ ব্যক্তিজনে নিজৰ দুই কন্যা সন্তানক বিহ খুৱাই হত্যা কৰাৰ লগতে নিজেও আত্মহত্যাৰ অপচেষ্টা চলোৱাৰ ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে৷

জানিব পৰা মতে, পত্নীৰ সৈতে চলি থকা দীর্ঘদিনীয়া কন্দলৰ বাবে স্বামী ৰহিম আলীৰ বিৰুদ্ধে গোচৰ তৰি পত্নীয়ে দুই সন্তানৰ সৈতে আশ্রয় লৈছিল পিতৃগৃহত৷ যোৱা সোমবাৰে ৰহিম আলীয়ে শহুৰেকৰ ঘৰৰ পৰা দুই সন্তানক ঘৰলৈ আনি বিহপান কৰোৱাৰ লগতে নিজেও বিহ সেৱন কৰে৷ সমগ্র ঘটনা পৰিয়ালৰ লোকে গম পাই অতি সংকটজনক অৱস্থাত দুই সন্তানৰ লগতে ৰহিম আলীক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰিছিল যদিও অৱশেষত এগৰাকী কন্যাই নিশাই মৃত্যুক আঁকোৱালি লোৱাৰ লগতে আজি চিকিৎসাধীন অৱস্থাত আনগৰাকী সন্তানৰ মৃত্যু হয়৷

হত্যাৰ বলি হোৱা দুর্ভগীয়া দুই কন্যা সন্তান ক্রমে ৰহিমা খাতুন (৮) আৰু ফাতেমা খাতুন (৩)৷ আনহাতে, ৰহিম আলীও বর্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ ইফালে, ৰহিম আলীৰ পৰিয়ালে পত্নীৰ পিতৃৰ ঘৰতে পত্নীয়ে বিহপান কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ এই ঘটনা সন্দর্ভত আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু হৈছে৷ প্রকৃত ঘটনা আৰু কেনেদৰে দুই ফুলকুমলীয়া শিশুৱে মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল সেয়া আৰক্ষীৰ উচিত তদন্তইহে পৰৱর্তী সময়ত পোহৰলৈ আহিব৷

You might also like