বহিঃৰাজ্যৰ ব্যৱসায়ীৰ হাতোৰাত শুৱালকুছিৰ বিল
বস্ত্রনগৰীৰ পৰা অবাধে নিখেৰী সংগ্রহ কৰি নিয়ন্ত্রণ আন্তঃৰাষ্ট্রীয় বজাৰ
নিয়মীয়া বাৰ্তা ২৮ জুনঃ জালুকবাৰী সমষ্টিৰ অন্তর্গত পছৰীয়াস্থিত দীঘেলী বিল নিখেৰী বা নিকৰি (পানী শিঙৰা) নামৰ এবিধ জলজ উদ্ভিদৰ বাবে বিখ্যাত৷ ইয়াৰ বৈজ্ঞানিক নামEuryale ferox ৷ এসময়ৰ আলাবৈ ৰণ ক্ষেত্র হিচাপে চিহ্ণিত দদৰা–দলিবাৰী–পছ অঞ্চলতেই অৱস্থিত এই বিলখন৷ স্থানীয় লোকৰ এই জলজ উদ্ভিদবিধ থকা সম্পর্কে অজ্ঞতাৰ সুযোগ লৈ আৰু অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ কেইগৰাকীমান ঘোচখোৰ বিষয়াৰ আশিসধন্য হৈ বিহাৰৰ চাহাৰচা জিলাৰ জনৈক মুখীয়া উপাধিৰ লোকে বিগত প্রায় ১৫ বছৰ ধৰি এই বিলখনৰ পৰা অবৈধভাৱে ড্রাকে ড্রাকে নিখেৰী সংগ্রহ কৰি থকাৰ তথ্য সম্প্রতি পোহৰলৈ আহিছে৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সমষ্টিৰ অন্তর্গত এই দীঘেলী বিলত সকলোৰে চকুত ধূলি মাৰি এই অবৈধ ৰমৰমীয়া ব্যৱসায় চলি আছে৷
চৰকাৰী বিধি মতে অসম মীন উন্নয়ন নিগমে নিবিদা আহ্বান কৰি বিলৰ নিখেৰী সংগ্রহ কৰিবলৈ দিব লাগে৷ তাৰ বাবে বিভাগটোৱে বৃহৎ পৰিমাণৰ ৰাজহ লাভ কৰে৷ কিন্তু তাকে নকৰি বিভাগটোৱে অসাধুব্যৱসায়ীৰ লগত বুজাবুজিৰ জৰিয়তে বিনাৰাজহে এইদৰে নিখেৰীৰ অবৈধ ব্যৱসায় কৰাৰ পথ মুকলি কৰি দিয়াৰ অভিযোগ উঠিছে৷ অভিযোগ মতে, হীৰাগোটা–ৰৌমাৰী–দীঘে বিল নামেৰে চৰকাৰীভাৱে জনাজাত এই বিলখনৰ পৰা বছৰি এই অসাধু চক্রটোৱে কমেও পোন্ধৰ লাখ টকা মূল্যৰ নিখেৰী চৰকাৰক ৰাজহ নিদিয়াকৈ লৈ যায়৷
এই চক্রটোৱে কামৰূপ জিলাৰ আন এখন বৃহৎ বিল গৰজান বিলৰ পৰাও বছৰি কেইবালাখ টকাৰ নিখেৰী অবৈধভাৱে সংগ্রহ কৰি আহিছে৷ তদুপৰি ধুবুৰী, ডিব্রুগড, মৰিগাঁও, গোৱালপাৰা, কাছাৰ, বঙাইগাঁও আৰু বৰপেটা আদি জিলাৰ বিভিন্ন বিলৰ পৰা এই অসাধু চক্রটোৱে নিখেৰী সংগ্রহ কৰে৷ ৰাইজে এই বিষয়টোত মুখ্যমন্ত্রীৰ হস্তক্ষেপ দাবী কৰিছে আৰু বিষয়টোৰ এক উচ্চ পর্যায়ৰ তদন্ত দাবী কৰিছে৷ এটা সূত্র অনুসৰি, নিখেৰীৰ এক ভাল আন্তঃৰাষ্ট্রীয় বজাৰ আছে৷ বিহাৰত থকা এক ব্যৱসায়িক গোষ্ঠীয়ে এই আন্তঃৰাষ্ট্রীয় বজাৰখন নিয়ন্ত্রণ কৰি আছে৷ অথচ এই বজাৰখনৰ মূল চালিকা শক্তি অসম৷ জানিব পৰা মতে পানী বন্ধ থকা পুখুৰী বা বিলত এইবিধ জলজ সম্পদ ব্যাপক হাৰত উৎপন্ন হয়৷ অসম চৰকাৰৰ মীন উন্নয়ন নিগমে অসমৰ বিলবোৰত বিজ্ঞানসন্মতভাৱে নিখেৰী উৎপাদনত আগভাগ লৈ স্থানীয় নিবনুৱা যুৱক–যুৱতীক কর্মসংস্থাপনৰ ব্যৱস্থা কৰি দিব পাৰে৷ জানিব পৰা মতে, নিখেৰীৰ ভালেমান ঔষধি গুণ আছে আৰু এইবিধ সামগ্রী শিশুখাদ্য প্রস্তুত কৰাত ব্যৱহাৰ কৰা হয়৷ আনকি বস্ত্র উদ্যোগতো ইয়াৰ আদৰ আছে৷