নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুক্লাই নৈৰ বুকুৱেদী বিপদ সংকুল যাত্ৰা ওডালগুৰি ভাৰত-ভূটান সীমান্তবাসীৰ

নিয়মীয়া বাৰ্তা     ১৮ জুলাইঃএক বিপদ সংকুল যাত্ৰা।স্বাধীনতাৰ সাতটা দশক অতিক্ৰমৰ পিছতো ওদালগুৰি জিলাৰ বাদলাপাৰা, ৰজাগড়, নালাপাৰা, টেংকিবস্তী , ডিমাকুছিবাসী ৰাইজে এখন দলংৰ অভাৱত প্ৰতিদিনে জীয়াতু ভুগি আহিবলগীয়া হৈছে। ভাৰত ভূটান সীমান্তবৰ্তী শুক্লাই নদীত এখন দলংৰ অভাৱত বছৰ বছৰ ধৰি যান্ত্ৰণা ভুগি আহিছে বহুকেইখন গাঁৱৰ জনসাধাৰণে ।বিভিন্ন সময়ত বিভিন্ন চৰকাৰ আহিছে গৈছে কিন্তু স্বাধীনতাৰ সাতটা দশকৰ পিছতো ওদালগুৰি জিলাৰ বৃহৎ শুক্লাই নদীত এখন দলংৰ অভাৱত জৰ্জৰিত হৈ আহিছে জনসাধাৰণ।বছৰ বছৰ ধৰি বিভিন্ন চৰকাৰ‌ে শাসন তথা ৰাজত্ব চলাই আহিছে ঠিকেই কিন্তু আজিলৈকে চকুত নপৰিল ওদালগুৰি জিলাৰ এই অঞ্চলৰ বৃহৎ শুক্লাই নদী ওপৰত এখন দলঙ নিৰ্মাণৰ বাবে।

উল্লেখ্য যে বিগত সোঁতৰ বছৰ শাসনকালত থকা এসময়ত বিটিচি ৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিজেই আহি ৰাইজক প্ৰতিশ্ৰুতি দি গৈছিল যদিও প্ৰতিশ্ৰুতি হৈয়ে থকাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।জিলা খনৰ ভাৰত ভূটান সীমান্তবৰ্তী বাদলাপাৰা , টাংকীবস্তী, নালাপাৰা, ৰজাগড়ৰ পৰা আৰম্ভ কৰি ডিমাকুছি সংযোগী পথত থকা শুক্লাই নদীত দলং নিৰ্মাণ নোহোৱা বাবে জীয়াতু ভুগি আহিছে জনসাধাৰণে । প্ৰতি বছৰে বাৰিষা কালত শুক্লাই নদীত পানীৰে উপচি পৰাৰ ফলত স্কুল কলেজৰ ছাত্ৰ- ছাত্ৰী, শিক্ষক -শিক্ষয়িত্ৰী,ব্যৱসায় বাণিজ্য কৰা লোককে ধৰি বিভিন্ন ব্যক্তিৰ সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয় , আনকি ৰোগীক চিকিৎসায়লৈ নিবৰ বাবেও যাব নোৱাৰে এম্বুলেঞ্চ সেৱা যাৰ পৰিণতিত বহুতো ৰোগীয়ে মৃত্যুক আকোঁৱালি ল’ব লগীয়া হোৱা বুলি অভিযোগ কৰে অঞ্চলবাসীয়ে ।তথাপিও কিন্তু বৰ্তমানৰ শাসনাধিষ্ট পৰিৱৰ্তনৰ শ্লোগান দি অহা বিজেপি নেতৃত্বাধীন চৰকাৰ তথা মডেল বিটিচি গঢ়াৰ সপোন দেখা বিটিচিৰ হাগ্ৰামা মহিলাৰীয়েও বিগত পোন্ধৰ বছৰীয়া শাসনকালত চকু মুদা কুলিৰ ভাও ধৰিয়েই থাকিল।সেয়েহে স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে অসম চৰকাৰ আৰু বিটিচি চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাইছে শুক্লাই নদীৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰি জনসাধাৰণৰ দুখ দূৰ্দশা দূৰ কৰিবলৈ।

You might also like