নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিচিবৰগাঁৱত গজৰাজৰ সন্ত্ৰাসত ত্ৰাসিত গাঁওবাসী

বাসগৃহ-ভঁৰালকে ধৰি খেতি- পথাৰ নষ্ট

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ ধেমাজি জিলাৰ চিচিবৰগাঁৱত আজিও অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ৷ বিভিন্ন সময়ত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি ধন-জনৰ বিস্তৰ ক্ষতি সাধনেৰে একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিথকাৰ সময়তে গড়মৰা চাপৰিত কালি নিশা এটা হাতীৰ জাকে আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে। বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ কেওদিশে প্ৰলয়ংকাৰী বানে ৰাইজক ব্যাপক জ্বলা- কলা খুওৱাৰ মাজতে আকৌ বন্যহস্তীৰ তাণ্ডৱে স্বাভাৱিকতে শংকিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক। প্ৰাপ্ত তথ্য অনুসৰি, চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গড়মৰা চাপৰিৰ জয়ন্ত বৰা নামৰ এঘৰ পৰিয়ালৰ ঘৰত কালি নিশা প্ৰায় 10 বজাত ধেমাজি গোহাঁইগাঁৱৰ কুকুৰাবিলৰ পৰা তিনিজনীয়া হাতীৰ এটা জাকে প্ৰৱেশ কৰি বাসগৃহ আৰু ভঁৰাল ভাঙি তহিলং কৰাৰ লগতে খেতি- পথাৰ সম্পূৰ্ণৰূপে কৰে। যাৰ পৰিপ্ৰেক্ষিতত জয়ন্তৰ মাতৃ, পত্নী আৰু কন্যাই কথমপিহে হাতীৰ জাকটোৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও পৰিয়ালটোক সহায় কৰিবলৈ যোৱা জয়ন্তৰ ককায়েক বলুৰাম বৰাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। উল্লেখযোগ্য যে, চিচিবৰগাঁও অঞ্চলৰ বিভিন্ন প্ৰান্তত অৱস্থিত বনাঞ্চলসমূহত এতিয়া বানপানী হোৱাৰ বাবে খাদ্যৰ সন্ধানত আৰু বিচৰণভূমিৰ অভাৱত ওলাই অহা বন্যহস্তীয়ে এইদৰে তাণ্ডৱ চলাই বুলি অঞ্চলস্থ ৰাইজে সাংবাদিকক ব্যক্ত কৰে। ইফালে হাতী জাকটোৱে বিগত কিছুদিনৰ পৰা বৰমুকলি অঞ্চলটো ভঁৰালৰ ধান আৰু বাৰীৰ খাদ্য সামগ্ৰী তহিলং কৰি ৰাইজৰ মাজত একপ্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাটো সম্পৰ্কে স্থানীয় সচেতন যুৱক দীপক ভূঞাই চিলাপথাৰ খণ্ড বন বিষয়া প্ৰদীপ দলেক অৱগত কৰি পৰিয়ালটোক ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনোৱা বুলি জানিব পৰা গৈছে।

You might also like