নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱৰ চৌতাকীত ব্যৱসায়ীৰ  গুদামত চোৰাং ৯২ টন চুপাৰি জব্দ আৰক্ষীৰ

  নিয়মীয়া বাৰ্তা, ১ জুনঃ  অভয়াপুৰীৰ নিকটৱর্তী চৌতাকীত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহজনক  চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়৷ গোপন উৎসৰ পৰা পোৱা খবৰৰ ভিত্তিত উত্তৰ শালমাৰা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত আৰক্ষীয়ে সোমবাৰে বিয়লি চৌতাকীৰ অমিত হৰলালকা মালিকানাধীন গুদাম এটাত অভিযান চলায়৷ অভিযানকালত আৰক্ষীয়ে গুদামটোত প্রায় ৯২ টন চুপাৰি জব্দ কৰে৷ আৰক্ষীৰ       দলটোৱে কার্যবাহী দণ্ডাধীশৰ উপস্থিতিত গুদামটো ছীল কৰাৰ লগতে চুপাৰিৰ নমুনা সংগ্রহ কৰে৷ আৰক্ষীৰ পৰা জানিব পৰা মতে, সংগ্রহ কৰা নমুনা শুল্ক বিভাগলৈ প্রেৰণ কৰা হ’ব৷ শুল্ক বিভাগৰ প্রতিবেদন আৰু বৈধ নথিপত্রৰ ওপৰত ভিত্তি কৰি পৰৱর্তী কার্যব্যৱস্থা গ্রহণ কৰা হ’ব৷

You might also like