দৰঙৰ ঔতলাত শ্বোৱাইন ফ্লুত অর্ধশতাধিক গাহৰিৰ মৃত্যু
নিয়মীয়া বাৰ্তা ৯ জুলাইঃ দৰং জিলাৰ ঔতলাত বিগত দুমাহ ধৰি শতাধিক গাহৰি অচিন ৰোগত মৃত্যু হোৱাৰ পৰিপ্রেক্ষিতত আৰক্ষীৰ দল লগত লৈ পশুপালন বিভাগৰ উচ্চস্তৰীয় দলে দণ্ডাধীশৰ উপস্থিতিত শতাধিক গাহৰি নিধন কৰে৷ এই অচিন ৰোগৰ বিষয়ে দৰং জিলা পশুপালন বিভাগক জনোৱাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ বিষয়ে ‘নিয়মীয়া বার্তা’ত সবিস্তাৰে ১৫ জুনত প্রকাশ পাইছিল আৰু ১৬ জুনত পশু চিকিৎসকৰ এক উচ্চস্তৰীয় চিকিৎসকৰ দলে ঔতলাত মৃত গাহৰিৰ পৰীক্ষা কৰি গাহৰিৰ শৰীৰৰ অংশ ৰাজ্যৰ বাহিৰলৈ প্রেৰণ কৰিছিল৷
প্রায় এমাহৰ পাছত পৰীক্ষাৰ প্রতিবেদনত শ্বোৱাইন ফ্লু চিনাক্ত হোৱাত ৰাজ্যৰ পশুপালন বিভাগৰ দল আহি আজি পুৱাতে ঔতলাত উপস্থিত হয় আৰু তীর্থ বডোৰ গাহৰি পামৰ পৰা ১ কিঃমিঃ ব্যাসার্ধত পালন কৰা গাহৰিসমূহ কৰায়ত্ত কৰি নিধনযোগে গাঁতত পুতি থোৱাৰ দিহা কৰে৷ মন কৰিবলগীয়া যে গাহৰি নিধনৰ পূর্বে একাংশ লোকে সুস্থ, সবল গাহৰি নিধনৰ ভয়ত লুকাই ৰাখিব বিচাৰিছিল যদিও আৰক্ষীৰ সহযোগত গাহৰিপালকৰ পৰা জব্দ কৰা হয় আৰু উপযুক্ত ক্ষতিপূৰণ দিয়াৰ প্রতিশ্রুতিত নিধনত সন্মতি দিয়ে৷ লক্ষণীয় যে দৰঙৰ সীমামূৰীয়া ঔতলা অকলিবাৰীত বিগত মে’ মাহৰ পৰাই জাকে জাকে গাহৰি মৃত্যুমুখত পৰিছিল৷ বিষয়টোক লৈ গাহৰিপালকে দৰং জিলা পশুপালনৰ কর্মচাৰী, চিকিৎসকক ৰোগবিধ চিনাক্ত কৰি তৎকালীন ব্যৱস্থা ল’বলৈ তাঁত–বাতি কাঢ়িছিল যদিও কোনো ফল পোৱা নাছিল৷
কেৱল ঔতলা অকলিবাৰীৰ তীর্থ বডোৰ পামতে পোনতে মাইকী গাহৰি এটাই পোৱালি জন্ম দিয়াৰ পূর্বে ২–৩ দিন খাদ্য নাখাই শুই থকাৰ পাছতে মৃত্যুবৰণ কৰিছিল৷ সমান্তৰালভাৱে আন ৪–৫টা গাহৰিৰো একেই অৱস্থা হৈছিল৷ লগে লগে বডোৱে পশু চিকিৎসালয়ত খবৰ দিছিল যদিও মঙলদৈ শান্তিপুৰত থকা জিলা পশুপালন বিষয়াক সাক্ষাতৰ পাছতো গুৰুত্ব দিয়া নাছিল৷ যাৰবাবে বডোৰ পামৰ ৫২টা সৰু–বৰ গাহৰিৰ মৃত্যু হোৱাৰ উপৰি অবিনাশ ডেকাৰ পামত ৮টা আৰু কমল ডেকাৰ পামত ১২টা গাহৰিৰ মৃত্যু হৈছিল৷
প্রায় ২০ লাখ টকা ক্ষতিৰ সন্মুখীন হোৱা ৩ পালকৰ বাহিৰেও সমীপৰ ১২গৰাকী পালকৰ গাহৰিৰ মৃত্যু হৈছিল৷ একমাত্র দৰং জিলা পশুপালন বিভাগৰ গাফিলতিৰ বাবেই দৰঙত এনেদৰে লাখ লাখ টকাৰ গাহৰিৰ মৃত্যু তথা নিধন কৰিব লগা হ’লবুলি আজি সর্বত্র অভিযোগ উঠিছে৷