নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ নিখিল বড়ো ছাত্র সন্থাৰ লগতে ১৬টা জাতীয় সংগঠনৰ উদ্যোগত তামুলপুৰত শনিবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ শান্তি, পৰিৱর্তন আৰু বিটিআৰ অঞ্চলত বসবাস কৰা প্রতিজন নাগৰিকৰ সম অধিকাৰৰ বাবে আয়োজন কৰা এই ৰাজহুৱা সভাত নিখিল বডো ছাত্র সন্থাকে ধৰি বিটিআৰ গোর্খা সমাজ, সদৌ মদাহী কছাৰী ছাত্র সন্থা, সদৌ অসম বেংগলী যুৱ–ছাত্র ফেডাৰেচন, সদৌ অসম সংখ্যালঘু ছাত্র সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থা, সদৌ চানতাল ছাত্র সন্থা, সদৌ কুছুক ছাত্র সন্থা, সদৌ ৰাভা ছাত্র সন্থা, এছ চি ছাত্র সন্থা, সদৌ উডিয়া যুৱ–ছাত্র পৰিষদ, সদৌ বিটিআৰ অনুসূচিত জাতীয় পৰিষদ, নাথ–যোগী ছাত্র সন্থা, সূত্রধৰ সন্মিলনী, সদৌ হাজং ছাত্র সন্থা আৰু সদৌ বর্মন মন্দাই ছাত্র সন্থাৰ নেতৃবৃন্দ উপস্থিত থাকে৷ নিখিল বডো ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে আঁত ধৰা সভাখনত ভাষণ দি এবছুৰ সভাপতি দ্বীপেন বডোৱে কয় যে বিটিআৰত শান্তি, সম্প্রীতি অটুট ৰখাৰ উপৰি প্রতিটো জাতি–জনগোষ্ঠীৰ লোকৰ সম উন্নয়ন আৰু সম বিকাশৰ বাবে এখন ভাল চৰকাৰৰ দৰকাৰ৷ বিটিআৰত এখন ভাল চৰকাৰৰ বাবে পৰিৱর্তনৰ প্রয়োজন আৰু এই পৰিৱর্তনৰ বাবে আমি ৰাইজে এইবাৰ ভোট প্রদান কৰিব লাগিব৷ ভাষণত তেওঁ পুনৰ কয় যে হাগ্রামা মহিলাৰীৰ লগত এতিয়া মানুহ নোহোৱা হৈছে৷ গতিকে এইবাৰ বিটিআৰত পৰিৱর্তন হ’বই৷ এই পৰিৱর্তন হ’ব শান্তিৰ কাৰণে, উন্নয়নৰ কাৰণে আৰু বিটিআৰ চুক্তিত লিপিবদ্ধ প্রতিটো দফা ৰূপায়ণৰ কাৰণে৷ সাংবাদিকৰ আগত এবছুৰ সভাপতি বডোৱে কয় বিটিচি নির্বাচনক লৈ একাংশ ৰাজনৈতিক দলে বিটিআৰ চুক্তিৰ অপব্যাখ্যা কৰিছে৷ এই অপব্যাখ্যাত ভোল নাযাবলৈ তেওঁ ৰাইজক আহ্বান জনায়৷ পৰিৱর্তনৰ স্বার্থত এইবাৰৰ বিটিচি নির্বাচনত নিখিল বডো ছাত্র সন্থাকে ধৰি এই ১৬টা জাতীয় সংগঠনে ইউপিপিএল দলক মুকলি সমর্থন জনাইছে বুলিও তেওঁ সদৰী কৰে৷ সভাত আটাইকেইটা জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে৷