নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ শ্ৰমিকৰ ৩৫১টকা মজুৰি বৃদ্ধিৰ দাবীৰে মাৰ্ঘেৰিটাত আটছাৰ উত্তাল ধৰ্ণা

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ মাৰ্ঘেৰিটা, ডিগবৈ আৰু পেঙেৰী শাখাৰ উদ্যোগত মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আজি উত্তাল ২ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবী জনায়।

আজি উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰ পৰা প্ৰতিবাদী শোভাযাত্ৰা কৰি আহি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি মাৰ্ঘেৰিটা মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে প্ৰতিলিপি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈও প্ৰেৰণ কৰে।

উল্লেখ্য যে বিজেপি চৰকাৰে নিৰ্বাচনৰ আগতে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতি আজি প্ৰায় পাঁ‌চ বছৰ হ’ল যদিও আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, ফলত প্ৰতিবাদকাৰীসকল ক্ষুণ্ণ হৈ পৰিছে।

এক প্ৰেছ বিজ্ঞপ্তিযোগে বিজেপি চৰকাৰে ভোট বেংকৰ নিকৃষ্ট ৰাজনীতিত জড়িত হৈ পুনৰ চাহ শ্ৰমিকসকলক ঠগ-প্ৰৱঞ্চনা কৰিছে বুলি অভিযোগ কৰি চাহ জনজাতিক জনজাতিকৰণ, দৈনিক মজুৰি ৩৫১ টকা কৰা আদি কৰি স্পৰ্শকাতৰ সমস্যাসমূহ নিৰ্বাচনৰ পূৰ্বে সমাধানৰ দাবী জনায়। অন্যথা অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

You might also like