নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীতোলাত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণত চাহ কৰ্মচাৰী সংঘৰ বৃক্ষৰোপণ

বিশেষ বাৰ্তা, ১২ জানুৱাৰী: অসম চাহ কৰ্মচাৰী সংঘৰ অন্তৰ্গত পানীতোলা শাখাৰ এথেলবাৰী চাহ বাগিছা প্ৰাথমিক গোটৰ ৬২সংখ্যক দ্বি-বাৰ্ষিক সাধাৰন সভাখন আজি বাগিচাৰ কাৰ্যালয় প্ৰাংগনত অনুস্থিত হৈ যায়।কাৰ্যসূচীৰ আৰম্ভনীতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোৱঁৰনত এটি ফুলৰ পুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চাহ কৰ্মচাৰী সংঘৰ পানীতোলা শাখাৰ সম্পাদক জয়চন্দ্ৰ শইকীয়াই। ইয়াৰ পাছতে ৬২ সংখ্যক দ্বি বাৰ্ষিক  সাধাৰন সভাখন পৰশুৰাম কুমাৰৰ সভাপতিত্ত্বত অনুস্থিত হৈ যায় । সভাৰ উদ্দেশ্য ব্যাখা কৰে অমৃত শৰ্মাই। সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদিকা ছায়া কুৰ্মীয়ে। সভাত অসম চাহ কৰ্মচাৰী সংঘৰ পানীতোলা শাখাৰ সম্পাদক জয়চন্দ্ৰ শইকীয়া, সহকাৰী সম্পাদক মৃদুল সোনোৱাল আৰু কাৰ্যালয় সহায়ক সুভাষ দাস পৰ্যবেক্ষকৰূপে উপস্থিত আছিল।সভাত আগন্তুক বৰ্ষৰ বাবে  পৰশুৰাম কুমাৰক সভাপতি, ছায়া কুৰ্মীক উপ সভানেত্ৰী, বিশাল নাগক সম্পাদক, শংকৰ দেৱক সহকাৰী সম্পাদক, অমৃত শৰ্মাক শাখা কাৰ্যনিৰ্বাহক সদস্যৰূপে লৈ নতুন সমিতিখন গঠন কৰা হয়।

প্ৰেৰক বিবেক বড়া

You might also like