নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পূজাৰ দিনটোত চৰকাৰী বন্ধ ঘোষণাৰ দাবী

নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত ভাদমাহৰ শুক্লা একাদশী তিথি দিনা চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পূজাৰ দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবীত  লিডুত এক সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লিডু শংকৰদেৱ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৰ্ধশতাধিক আটছাৰ সদস্যই মাদল বজাই চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলে। ঘণ্টাজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আটছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকে শুক্লপক্ষৰ একাদশী দিনা উদযাপিত হ’বলগীয়া চাহ জনজাতি সকলৰ জাতীয় উৎসৱ কৰম পূজাৰ দিনা চৰকাৰী বন্ধৰ দাবী উত্থাপন কৰিছে।

আটছাৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সভাপতি আৰু সম্পাদকে অসম চাহ জনগোষ্ঠীৰ পৰা বহু সাংসদ, মন্ত্ৰী, বিধায়ক হৈছে বুলি উল্লেখ কৰি আজিকোপতি চাহ জনজাতিৰ কাৰণে কোনো এজনজন প্ৰতিনিধিয়ে কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰিলে বুলি দোষাৰোপ কৰে। কৰম পূজা চাহ জনগোষ্ঠীৰ একমাত্ৰ জাতীয় উৎসৱ বুলি উল্লেখ কৰি আজি প্ৰতিবাদী স্থলীৰ পৰা অনতিপলমে কৰম পূজাৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰিব লাগে বুলি সজোৰে দাবী উত্থাপন কৰে।

You might also like