নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডবকাত ভূ–মাফিয়াৰ ৰূপত অৱসৰপ্রাপ্ত শিক্ষক

নিয়মীয়া বাৰ্তা, ৫ মেঃ ডবকাত লকডাউন উলংঘা কৰি মাটি দখলত নামিছে ভূ–মাফিয়া৷ ডবকা থানাৰ অন্তর্গত খকনজুৰিত চাহ জনজাতি লোকৰ এডোখৰ ভূমি দখলত নামিছে এজন অৱসৰপ্রাপ্ত শিক্ষক৷ কূট–কৌশলেৰে এডোখৰ মূল্যৱান ভূমি আজমল ফাউণ্ডেচনৰে জডিত অৱসৰপ্রাপ্ত শিক্ষক তথা হজ কমিটীৰ হোজাই জিলাৰ সম্পাদক ফৰিদ উদ্দিনে দখল কৰাৰ অভিযোগ উত্থাপন হৈছে৷ উত্থাপিত অভিযোগ মতে, ফৰিদ উদ্দিনে সুক্রিত পানিকাৰ পুত্র প্রকাশ পানিকাক প্রলোভনৰ জৰিয়তে হাত কৰি নিশা লংকডাউন ভংগ কৰি ৫০–৬০জন মানুহ লৈ মাটিডোখৰ দখল কৰে৷ কোটি টকা মূল্যৰ এজমালী পট্টাৰ ভূমিডোখৰ সুক্রিত পানিকাৰ দুই ভাতৃ ক্রমে অমৃত পানিকা আৰু অর্জুন পানিকাৰ নামতো আছে৷ কিন্তু তিনি ভাই–ককাইৰ মাজত আপোচ আৰু মিলাপ্রীতিৰে হোৱা ভাগ–বাটোৱাৰাত অমৃত পানিকাক মাটিডোখৰ দিয়া হয়৷

ইফালে, এই মাটিখিনিৰ দক্ষিণে আছে আজমল ফাউণ্ডেচনৰ মাটি৷ আজমল ফাউণ্ডেচনৰ কাষতে ফৰিদ উদ্দিনে মাটি ক্রয় কৰিছে৷ আনহাতে, উত্তৰ দিশত আছে চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ৷ এতিয়া ফৰিদ উদ্দিনৰ মাটিৰ সৈতে ৰাষ্ট্রীয় ঘাইপথৰ সংযোগ স্থাপন কৰিবলৈ হ’লে পানিকা ভাতৃৰ মাটিৰ ওপৰেৰে পথ নির্মাণ কৰিব লাগিব৷

উত্থাপিত অভিযোগ মতে, আজমল ফাউণ্ডেচনৰ নাম লৈ ফৰিদ উদ্দিনে মাটিডোখৰ প্রথমে ক্রয় কৰিব বিচাৰে৷ কিন্তু পানিকা ভাতৃয়ে মাটিডোখৰ বিক্রী কৰিবলৈ অমান্তি হোৱাত সুক্রিত পানিকাৰ পুত্র প্রকাশ পানিকাক প্রলোভন দি পিতৃ আৰু খুৰাকৰ বিৰুদ্ধে উচটাই নিশাৰ ভিতৰতে দখল কৰি লয়৷ ইয়াকে কেন্দ্র কৰি উত্তেজনাৰ সৃষ্টি হৈছে৷ নিশা লকডাউন উলংঘা কৰি কেনেদৰে মাটি দখল কৰিব পাৰিলে, তাক লৈ সৰৱ চর্চা চলিছে৷ এই সমগ্র ঘটনা দেখিও কোনো কার্যব্যৱস্থা গ্রহণ নকৰাত ডবকা আৰক্ষী আৰু ৰাজহ চক্র বিষয়াৰ ওপৰতো ৰাইজৰ সন্দেহৰ সৃষ্টি হৈছে৷

You might also like