নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত বিস্তৃত কাৰ্যসূচীৰে শিক্ষক দিৱস পালন; বঁ‌টা, সম্বৰ্ধনা, আৰ্থিক সাহাৰ্য প্ৰদান

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন, তিনিচুকীয়া জিলা অধিবিদ্যা পৰিষদ, তিনিচুকীয়া জিলা হাইস্কুল শিক্ষক সংস্থা আৰু মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ যৌথ উদ্যোগত ৫৯ সংখ্যক শিক্ষক দিৱসটি উদযাপন কৰা হয়। উপায়ুক্ত ভাস্কৰ পেগুয়ে ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অতিৰিক্ত উপায়ুক্ত (শিক্ষা) গীতালি দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে আই এছ বিতোপন হাজৰিকাই। এখন ইলেক্ট্ৰ’নিক মেগাজিন উন্মোচিত হোৱা সভাত কৃতী শিক্ষকৰ বঁ‌টা, কৃতী ছাত্ৰ-ছাত্ৰীৰ বঁ‌টা, স্থান প্ৰাপ্ত শিক্ষানুষ্ঠানৰ বঁ‌টা, ১০০ শতাংশ ফলাফল প্ৰদৰ্শন কৰা উচ্চ, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়ক বঁ‌টা প্ৰদান কৰাৰ উপৰি জিলাখনৰ ৬০ খন অপ্ৰাদেশিকৃত (ভেঞ্চাৰ) বিদ্যালয়ক প্ৰায় ৩ লাখ ৩৯ হাজাৰ টকাৰ অৰ্থ সাহাৰ্য প্ৰদান আদিয়েই অন্যতম।

তিনিচুকীয়া জিলা হাইস্কুল শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ শইকীয়াই সামগ্ৰিকভাৱে আঁ‌ত ধৰা সভাত বঁ‌টাপ্ৰাপ্ত শিক্ষক সকল হ’ল ছৈখোৱা হাইয়াৰ ছেকণ্ডাৰী স্কুলৰ অধ্যক্ষা মিনুৰাণী বড়া, তালাপ বালিবজাৰ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জনা বৰগোহাঁ‌ই, পূৱ কাছমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুদ্ধিমান লিম্বু, অম্বিকাপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মাতৃকা গুৰাগাঁ‌ই আৰু পানীখোৱা ডিভিজন চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ নায়ক। ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অষ্টম স্থান দখল কৰা ডুমডুমা ডনবস্ক’ স্কুলৰ অমিচা চাংকাকতি আৰু নৱম স্থান প্ৰাপ্ত ছেণ্ট ষ্টেফেনছ স্কুলৰ অভিনাচ কেউটক কৃতী পৰীক্ষাৰ্থীৰ বঁ‌টা প্ৰদান কৰা হয়। ইফালে ফলাফলৰ স্থান লাভ কৰি সম্বৰ্ধিত হোৱা শিক্ষানুষ্ঠানকেইখন হ’ল- ডিগবৈৰ আৰ ডি জুনিয়ৰ ক’লেজ, তিনিচুকীয়াৰ ছেণ্ট ষ্টেফেনছ হাই স্কুল আৰু ডুমডুমাৰ ডন বস্ক’ হাইস্কুল। একেদৰে ১০০ শতাংশ ফলাফল প্ৰদৰ্শন কৰা শিক্ষানুষ্ঠানসমূহ হ’ল মাৰ্ঘেৰিটা পাবলিক হাইয়াৰ ছেকণ্ডাৰী স্কুল, তিনিচুকীয়াৰ বেঙ্গলী গাৰ্লছ হাইয়াৰ ছেকণ্ডাৰী স্কুল, মাকুমৰ জি বি চৌখানী হাইয়াৰ ছেকণ্ডাৰী স্কুল, উজনি শদিয়া হাইয়াৰ ছেকণ্ডাৰী স্কুল, তিনিচুকীয়াৰ হিন্দী- ইংলিছ হাইয়াৰ ছেকণ্ডাৰী স্কুল, মাকুমৰ হিন্দী হাই স্কুল, তালাপ বালিবজাৰ হাই স্কুল আৰু ডুমডুমাৰ জৱাহৰ হিন্দী হাইস্কুল। সভাৰ অন্তত শলাগ জ্ঞাপন কৰে তিনিচুকীয়া জিলা প্ৰাথমিক আঁ‌চনি বিষয়া ত্ৰিদীপ শৰ্মাই।

You might also like