ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে দুলীয়াজান মহাবিদ্যালয়ৰ শিক্ষক গোটৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্ত ১১ ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পোনপটীয়া সম্প্ৰচাৰ বন্ধ কৰাৰ চৰকাৰী হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি দুলীয়াজান মহাবিদ্যালয়ৰ শিক্ষক গোটৰ লগতে ছাত্ৰ একতা সভাই প্ৰতিবাদ সাব্যস্ত কৰে।
দুলীয়াজান মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভানেত্ৰী আইচেনা বুঢ়াগোহাঁই আৰু সম্পাদিকা অংকিতা বৰুৱা আৰু ছাত্ৰ একতা সভাৰ সাঃ সম্পাদক মঞ্জিল ডেকাৰ সন্মিলিত নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত মহাবিদ্যালয়ৰ পৰা জয়ানগৰ তিনিআলিলৈ এক প্ৰতিবাদী সমদলো বাহিৰ কৰা হয় ।
অনাতাঁৰ কেন্দ্ৰটোৰ সামাজিক-ঐতিহাসিক গুৰুত্ব আৰু জনসমাজত থকা গভীৰ প্ৰভাৱকো উপেক্ষা কৰি চৰকাৰে গ্ৰহণ কৰা এনে নেতিবাচক সিদ্ধান্তক একমুখে গৰিহণা দিয়ে প্ৰতিবাদী শিক্ষক-ছাত্ৰ সমাজে । আনহাতে অনাতাঁৰ শিল্পীৰ ভৱিষ্যত সুৰক্ষিত দাবীৰে আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰে ।
চাওক এক ভিডিঅ’-