উচ্চ ন্যায়ালয়ৰ নির্দেশত গঁড়ৰ খড়গৰ মূল্যায়ন প্রায় সম্পন্নঃ ২৪১টা খড়গ ধ্বংস ১৮টা সংৰক্ষণৰ পদক্ষেপ বন বিভাগৰ
নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: চোৰাং চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা খড়গৰ মূল্যায়নৰ প্রক্রিয়া প্রায় সম্পন্ন কৰিছে বন বিভাগে৷
উল্লেখ্য যে যোৱা ১৮ আগষ্টৰ পৰা বিভিন্ন কোষাগাৰত জমা হৈ থকা খড়গসমূহ বৈজ্ঞানিক প্রক্রিয়াৰে মূল্যায়ন কৰাৰ পিছত বহু খড়গ ধ্বংস কৰা হৈছে অথবা জ্বলাই দিয়া হৈছে৷ ২০১০ চনতে বিভিন্ন কোষাগাৰত জমা হৈ থকা খড়গসমূহৰ অস্তিত্ব প্রতিপন্ন কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন বিশেষ কমিটী গঠন কৰি খড়গসমূহ মূল্যায়নৰ নির্দেশ দিছে৷
ৰাজ্যিক পর্যায়ত গঠিত এই কমিটীখনে প্রতি বছৰে জব্দ হোৱা খড়গসমূহ পৰীক্ষা কৰি কিছুসংখ্যক সংৰক্ষিত কৰি ৰখাৰ বিপৰীতে বাকীসমূহ জ্বলাই অথবা ধ্বংস কৰি দিয়াৰ ব্যৱস্থা গ্রহণ কৰি আহিছে৷ এই প্রক্রিয়া অনুসৰি এইবাৰ ১৮ আগষ্টৰ পৰা খড়গৰ মূল্যায়নৰ কাম আৰম্ভ হয়৷
যোৱা ১৮ আগষ্টত মৰিগাঁও কোষাগাৰত জমা হৈ থকা ৫৩টা গঁড়ৰ খড়গ মূল্যায়নৰ পিছত ৫১টা ধ্বংস কৰাৰ বিপৰীতে দুটা সংৰক্ষিত কৰি ৰখা হয়৷ একেদৰে বৰপেটা কোষাগাৰত জমা হৈ থকা ৩৯টা খড়গ মূল্যায়নৰ পিছত ধ্বংস কৰা হৈছে৷ মঙলদৈত ৭৪টা খড়গৰ মূল্যায়নৰ পিছত ৬৮টা খড়গ ধ্বংস কৰাৰ বিপৰীতে চাৰিটা সংৰক্ষিত কৰা হৈছে আৰু এটা খড়গ আইনী প্রক্রিয়াৰ বাবে ৰখা হৈছে৷
সোমবাৰে কামৰূপ মহানগৰ জিলাৰ কোষাগাৰত জমা হৈ থকা ৯৫টা খড়গৰ মূল্যায়ন কৰা হয়৷ জিলা উপায়ুক্তৰ কার্যালয়ত অনুষ্ঠিত এই মূল্যায়ন প্রক্রিয়াত ৯৫টা খড়গৰ ৮৩টা খড়গ জ্বলাই দিয়াৰ ব্যৱস্থা কৰাৰ বিপৰীতে ১২টা খড়গ সংৰক্ষণ কৰি ৰখা হৈছে৷ বন বিভাগে প্রকাশ কৰা অনুসৰি প্রতিটো খড়গ সম্পূর্ণ বৈজ্ঞানিক প্রক্রিয়াৰে পৰীক্ষা কৰাৰ পিছত এটাও খড়গ নকল বুলি চিহ্ণিত হোৱা নাই৷