ভয়–ভাবুকিৰে জনতাক বঞ্চনা কৰা বিপিএফ এইবাৰ জিৰো হ’বঃ প্রমোদ বড়ো
নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ ‘ইউ পি পি এল দলে চৰকাৰ গঠন কৰাৰ ৩০ দিনৰ ভিতৰত সকলো জাতি–জনগোষ্ঠীৰ ভূমিৰ সমস্যা সমাধান কৰিব৷ এমাহতে নামজাৰি, ভূমিপট্টা সকলো হ’ব৷ ১৭ বছৰে দুর্নীতি–ভ্রষ্টাচাৰত লিপ্ত হৈ বডো–বডোৰ খেল খেলি, ভয়–ভাবুকিৰে জনতাক সমমর্যদা–সম–ধি পৰা বঞ্চনা কৰা বি পি এফ এইবাৰ জিৰো হ’ব৷’ –এই মন্তব্য ইউ পি পি এলৰ সভাপতি প্রমোদ বডোৰ৷ কোকৰাঝাৰ জিলাৰ বিছমুৰীত অর্থাৎ হাগ্রামা মহিলাৰীৰ গৃহ সমষ্টি দেৱৰগাঁও কঁপাই আজি অনুষ্ঠিত বিশাল জনসমাৱেশত ৰণডংকা বজায় ইউ পি পি এলৰ সভাপতি প্রমোদ বডোৱে৷ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিত বি পি এফে এখনো আসন নাপায় বুলি দাবী কৰি কয় যে ইউ পি পি এলে ৯০ শতাংশ আসনে লাভ কৰিব আৰু বাকী ১০ শতাংশ আসন আন দলসমূহে ভগাই লব৷ ইউ পি পি এলৰ সভাপতি প্রমোদ বডোৱে বি পি এফ দলক ক্ষুৰধাৰ সমালোচনা কৰি হাগ্রামা মহিলাৰীৰ ৮৬ কোটি টকা ক’ৰ পৰা আহিল, তাৰ তদন্ত হোৱাৰ দাবী তোলে৷ কুকুৰ, মেকুৰী, এন্দুৰৰ খেলত ৰাইজ মূৰ নঘমায় আৰু বি পি এফৰ দুর্নীতি–ভ্রষ্টাচাৰত ৰাইজ অতিষ্ঠ হৈছে বুলি উল্লেখ কৰি ইউ পি পি এল শাসনত অহাৰ পাছত প্রতিটো আত্মসহায়ক গোটক ৭৫ হাজাৰ টকাকৈ অনুদান দিয়াৰ তেওঁ প্রতিশ্রুতি দিয়ে৷ ইউ পি পি এলৰ সভাপতিজনে পুনৰ কয় যে সকলোৰে সম–উন্নয়ন, সম–ধিকাৰ, সমমর্যাদা প্রতিষ্ঠা কৰিবলৈ ইউ পি পি এল বদ্ধপৰিকৰ৷ হাগ্রামা মহিলাৰীক এতিয়া কোনেও ভয় নাখায়, বৰং হাগ্রামা মহিলাৰীৰ বিৰুদ্ধে এতিয়া ৰাজহুৱা স্বার্থজডিত আবেদন ন্যায়ালয়ত দাখিল কৰে৷
উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ বিছমুৰীত আজি অনুষ্ঠিত হোৱা ইউ পি পি এলৰ বিশাল জনসমাৱেশ জনসমুদ্রত পৰিণত হয়৷ দেৱৰগাঁও সমষ্টিৰ অন্তর্গত বিছমুৰীত ৩০ হাজাৰৰোধিক লোকৰ উপস্থিতিত পৰিৱর্তনৰ গণসমাৱেশ অনুষ্ঠিত কৰি ইউ পি পি এল দলেই বিটিচিত চৰকাৰ গঠনৰ হুংকাৰ দিয়ে৷ ইউ পি পি এলৰ সভাপতি প্রমোদ বডোৱে ট্রেক্টৰ চলাই সভাথলীত উপস্থিত হোৱাৰ লগে লগেই হাজাৰ হাজাৰ জনতাই পুষ্পবৃষ্টিৰে আদৰণি জনায়৷ ট্রেক্টৰৰ পৰা নামি নাচি–বাগি সভাথলীত প্রমোদ বডো প্রৱেশ কৰাই পাছতেই জনতা আনন্দ–উল্লাসত উটি–ভাহি যায় আৰু সকলোৱে প্রমোদ বডোৰ স’তে গানৰ তালে তালে নাচিবলৈ ধৰে৷ সভাত উপস্থিত থকা ৰাজ্যসভাৰ প্রাক্তন সাংসদ উর্খাও গৌৰা ব্রহ্ময়ো বি পি এফক কঠোৰ ভাষাৰে সমালোচনা কৰি পৰিৱর্তনৰ যাত্রাত অংশীদাৰ হৈ ইউ পি পি এলক ভোট দিবলৈ সকলোৰে প্রতি আহ্বান জনায়৷ তদুপৰি বি টি আৰ চুক্তিয়ে অজনজাতিৰ মাটিৰ অধিকাৰ কোনো কাৰণতে খর্ব নকৰে, বৰং ভূমিহীনক মাটিহে দিব বুলি মন্তব্য কৰি উর্খাও গৌৰা ব্রহ্মই৷ ভাৰতীয় সংবিধানে কোনো ষষ্ঠ অনুসূচীতে অজনজাতিৰ ভূমিৰ অধিকাৰ খর্ব কৰাৰ অধিকাৰ দিয়া নাই বুলি ভাষণত উল্লেখ কৰে৷ কোকৰাঝাৰ জিলাৰ অন্তর্গত কেউটা সমষ্টিৰে ইউ পি পি এলৰ প্রার্থীসকল উপস্থিত থকা উক্ত সভাত বিভিন্ন দল–সংগঠনৰ নেতৃবৃন্দও উপস্থিত থাকি ভাষণ প্রদান কৰি এইবাৰ ইউ পি পি এল চৰকাৰ গঠন হ’বই বুলি উল্লেখ কৰে৷