মাৰ্ঘেৰিটাত পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহৰ সামৰণী অনুষ্ঠান সম্পন্ন
নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ তিনিচুকীয়াৰ মাৰ্ঘেৰিটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সহযোগত নিজ মাকুম প্ৰাথমিক বিদ্যালয়ৰ সভাকক্ষত বুধবাৰে পঞ্চম ৰাষ্ট্রীয় পোষণ মাহৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হয় । সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ সমাজকল্যাণ বিভাগৰ উপসঞ্চালক আৰু যোৰহাট সংমণ্ডলৰ মাণ্ডলিক বিষয়া কুঞ্জলতা লাচন, মাৰ্ঘেৰিটা মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোম, মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়া উৰ্বশী চেতিয়া , মাৰ্ঘেৰিটা সংহত শিশু উন্নয়ন প্রকল্পৰ প্রকল্প বিষয়া মঞ্জু ৰাই, নিজ মাকুম প্ৰাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক হেমন্ত কোঁৱৰ , তিনিচুকীয়াৰ মহকুমা কৃষি বিষয়া ভদ্রাৱতী পেগু, যুৱ সাংবাদিক মানস প্ৰতিম গগৈ, চাইল্ড লাইনৰ বিষয়া শ্যাম উপাধায় সহ কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থকা মুকলি সভা খন পৰিচালনা কৰে ভিতৰ পাৱৈ গাওঁ পঞ্চায়তৰ সভাপতি সুমন খালেনে। সভাৰ অন্তত ভিতৰপাৱৈ গাওঁ পঞ্চায়তলৈকে এক শোভাযাত্ৰা কৰা হয়। তদুপৰি অংগনবাড়ী কৰ্মী সকলে থলুৱা ভাৱে পোৱা উপাদান সমূহেৰে তৈয়াৰ কৰা খাদ্যৰ প্রদৰ্শনী প্রদৰ্শন কৰে । মাৰ্ঘেৰিটা প্রকল্পৰ পোষণ মাহৰ সামৰণি অনুষ্ঠানত প্রকল্পটোৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ অধিনৰ অংগনবাড়ী কৰ্মীসকল, মুখ্যসেৱিকা বিদ্যা চুতীয়া, জোহানী বাৰ্লা, দুলাৰী কোঁৱৰ, পৰিসংখ্যা সহায়ক নৱজ্যোতি পাটোৱাৰী, মাৰ্ঘেৰিটা প্রকল্পৰ ব্লক কৰ্ডিনেটৰ ৰূপা ফুকান আদিয়ে অংশ গ্রহণ কৰে । অন্যহাতে আজি গুৱাহাটীত মুখ্যমন্ত্রীয়ে ফ্লেগ অফ কৰা পোষণ ৰথ ক্ৰমে পুষ্টি ৰথ, শক্তি ৰথ আৰু মাতৃ ৰথ বিভিন্ন জিলাৰ মাজেৰে আহি অসমৰ পূৱ প্রান্তৰ মাৰ্ঘেৰিটা সংহত শিশু উন্নয়ন প্রকল্পত উপস্থিত হয়। মাৰ্ঘেৰিটা প্রকল্পৰ কাৰ্য্যালয় প্রাংগনত মহকুমা নিৰ্বাচনী বিষয়া অদিতি নেওগে ফিটা কাটি প্রকল্পত ৰথ যাত্রাৰ শুভ উদ্ধোধন কৰে । প্রকল্প বিষয়া মঞ্জু ৰাই, ব্লক কৰ্ডিনেটৰ ৰূপা ফুকন, আদি উপস্থিত থকা অনুষ্ঠানৰ পাছতে মাৰ্ঘেৰিটা মহকুমাৰ চাহ বাগিচা এলেকাত এই ৰথ যাত্রা কৰি পোষণ মাহ উদযাপনৰ উদেশ্য সন্দৰ্ভত প্রচাৰ চলায় ।
প্ৰেৰক মানস প্ৰতিম গগৈ