জ্যেষ্ঠ ভাতৃয়ে জ্বলালে সহোদৰৰ ঘৰ নগৰবেৰাত ভূমি বিবাদৰ পৰিণতি
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ নগৰবেৰাৰ কল্যাণপুৰত বিবদমান ভূমিৰ সীমাক কেন্দ্ৰ কৰি দুই ককাই-ভাইৰ মাজত তুমুল সংঘাত। ককায়েকে ভায়েকৰ বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি নগৰবেৰাৰ কল্যাণপুৰত তীব্ৰ চাঞ্চল্য বিয়পে। জানিব পৰা মতে পৈতৃক সম্পত্তিৰ বাটোৱাৰাক কেন্দ্ৰ কৰি দুই ককাই-ভাইৰ মাজত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘৰ জ্বলোৱা কাণ্ড। এডোখৰ মাটিক লৈ ককাই-ভাই দুই পক্ষৰ মাজত চলি আছিল পাৰিবাৰিক সংঘাত আৰু কিছুদিন আগত ককায়েক আইনুদ্দিন আৰু সহোদৰ গুলবাহাৰৰ মাটি বেদখলক কেন্দ্ৰ কৰি মাৰপিট হয়। যোৱানিশা ককায়েক আইনুদ্দিনৰ নেতৃত্বত জেল হক, আৰফান আলী, সাজুদ্দিন, ইলিয়াছ আলীয়ে জ্বলাই দিলে গুলবাহাৰ নামৰ লোক জনৰ বাসগৃহ। ঘৰ জ্বলাই দিয়াত বিস্তৰ ক্ষতিসাধন হয় দুখীয়া গুলবাহাৰৰ পৰিয়ালটোৰ৷ সমগ্ৰ ঘটনাই নগৰবেৰাৰ কল্যাণপুৰ গাওঁত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ইপিনে মাটিৰ সীমাক কেন্দ্ৰ কৰি ঘৰ জ্বলোৱা কাণ্ডৰ ন্যায় বিচাৰি ভুক্তভোগী গুলবাহাৰে পাঁচজনকৈ লোক ক্ৰমে আইনুদ্দিন, জেল হক, আৰফান আলী, সাইজুদ্দিন, ছাহাৰা খাতুনৰ নামত নগৰবেৰা থানাত এজাহাৰ দাখিল কৰিছে ৷
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস