নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক লাখ ভূমিহীনক পট্টা দিব ৰাজ্য চৰকাৰে

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ আগন্তুক নতুন বর্ষতে ১ লাখ ভূমিহীনক মাটিৰ পট্টা প্রদান কৰিব বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে৷ খিলঞ্জীয়া তথা ভূমিপুত্রক মাটিৰ অধিকাৰ প্রদানৰ প্রতিশ্রুতি অনুসৰি নৱবর্ষৰ আৰম্ভণিতে ভূমিপট্টা প্রদানৰ এই কার্যসূচী গ্রহণৰ কথা কালি বিধানসভাত উল্লেখ কৰে ৰাজ্যিক ৰাজহ মন্ত্রী যোগেন মহনে৷

উল্লেখ্য যে ২০১৬ চনত জাতি–মাটি–ভেটি সুৰক্ষাৰ শ্লোগানেৰে ক্ষমতালৈ অহা চৰকাৰখনে খিলঞ্জীয়াক ভূমিৰ পট্টা প্রদানৰ প্রতিশ্রুতি দিছিল৷ সেই অনুসৰি ইতিমধ্যে ২,২৮১৬০টা পৰিয়ালক ভূমিৰ পট্টা প্রদান কৰা হৈছে৷ কালি বিধানসভাত ৰাজহ বিভাগৰ দাবী মঞ্জুৰীৰ বাবে হোৱা বিতর্কৰ উত্তৰ প্রদান কৰি ৰাজহ মন্ত্রী যোগেন মহনে জানিবলৈ দিয়ে যে ৰাজ্যত ৩,৭৪,৮০৫টা ভূমিহীন পৰিয়ালে পট্টা বিচাৰি আবেদন জনোৱাৰ পিছত ইতিমধ্যে ২,২৮১৬০টা পৰিয়ালক পট্টা প্রদান কৰা হৈছে৷ আনহাতে এতিয়াও পট্টা প্রদান কৰিবলৈ বাকী আছে ১,৪৬,৬৪৫টা পৰিয়ালক৷ নতুন বর্ষৰ আৰম্ভণিতে ১ লাখ পৰিয়ালক ভূমিৰ পট্টা প্রদান কৰা হ’ব৷

You might also like