টিএমপিকেৰ সোণালী জয়ন্তীৰ শুভাৰম্ভত মুখ্যমন্ত্রী–বিত্তমন্ত্ৰী
নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ত্রিশ সহস্রাধিক লোকৰ সমাগমেৰে দুদিনীয়া বর্ণাঢ়্য কার্যসূচীৰে অনুষ্ঠিত মিচিং জাতিৰ একমাত্র ছাত্র সংগঠন টি এম পি কেৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বর্ষৰ শুভাৰম্ভ অনুষ্ঠানৰ দ্বিতীয় দিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ মুখ্যমন্ত্রীগৰাকী উপস্থিত হোৱাৰ লগে লগে পুষ্পবৃষ্টি কৰি আদৰি অনাৰ লগতে আয়োজক সমিতিৰ দ্বাৰা উষ্ম আদৰণি জনোৱা হয়৷ ইয়াৰ পাছতে মুখ্যমন্ত্রীগৰাকীয়ে মুকলি সভাত নিজ ভাষণত কয়– মিচিং জাতিটোক টি এম পি কেই জন্মলগ্ণৰে পৰা গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বর্ষলৈকে শক্তিশালী কৰাৰ স্বার্থত যি উল্লেখনীয় অৱদান আগবঢ়ালে, তাৰ বাবে সংগঠটোক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত মিচিং জাতিটোৰ সামগ্রিক উন্নয়নৰ বাবে তথা শৈক্ষিক উত্তৰণৰ দায়িত্ব গ্রহণ কৰিবলৈ টি এম পি কেক অনুৰোধ জনায় মুখ্যমন্ত্রীগৰাকীয়ে৷ বিশ্বায়নৰ যুগত সমাজত ফেৰ মাৰিব পৰাকৈ নিজকে প্রস্তুত কৰিবলৈ নৱপ্রজন্মক আহ্বান জনোৱাৰ লগতে মিচিং জাতিটোৰ হকে আগন্তুক সময়ত দুগুণ উৎসাহেৰে কাম কৰি যাবলৈ ছাত্র সংগঠনৰ প্রতি আহ্বান জনায়৷ লাইকা দধিয়াবাসীৰ সমস্যা সমাধানৰ চৰকাৰে ক্ষিপ্রতাৰে ব্যৱস্থা গ্রহণ কৰিবলৈ ইতিমধ্যে এখন উচ্চস্তৰৰ কমিটী গঠন কৰাৰ লগতে চৰকাৰখনে লাইকা দধিয়াবাসীক সংস্থাপিত কৰাৰ স্থান নির্বাচিত কৰিব বুলি মন্তব্য কৰে৷
উল্লেখ্য যে পুনৰ সংস্থাপনৰ দাবীত লাইকা দধিয়াবাসীয়ে অব্যাহত ৰখা প্রতিবাদী আন্দোলনৰ বিতং প্রতিবেদন ‘নিয়মীয়া বার্তা’ত ধাৰাবাহিকভাৱে প্রকাশ পাইছিল৷ দীর্ঘদিন চলাই থকা এই আন্দোলনে বিশেষ প্রভাৱ বিস্তাৰ কৰা নাছিল যদিও ‘নিয়মীয়া বার্তা’ৰ প্রতিবেদনৰ পাছতে লাইকা দধিয়াবাসীৰ সমস্যাৰ ক্ষেত্রত তৎপৰ হৈ উঠে ৰাজ্য চৰকাৰ৷ নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সদৌ অসম ড্রেইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰীয়ে কয়– অসমত পুনৰ বিজেপি চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি উমান ইতিমধ্যে পোৱা গৈছে৷ আগন্তুক দিনত গঠন হ’ব লগা চৰকাৰখনত এগৰাকী কেবিনেট মন্ত্রী হিচাপে বহু অভিজ্ঞতাৰে পৰিপুষ্ট মিচিং জনগোষ্ঠীৰ এগৰাকী অন্যতম নেতা ডাঃ ৰণোজ পেগুক মন্ত্রিত্ব প্রদান কৰিবলৈ আহ্বান জনায়৷ ইফালে, টাকাম মিচিং পৰিন কৌবাঙৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানত উপস্থিত হয় ড০ হিমন্ত বিশ্ব শর্মা৷
জোনাইত উপস্থিত হয়েই জোনাই বজাৰৰ মাজমজিয়াত নির্মাণ কৰা জোনাইত নির্মাণ কৰিবলগীয়া বহুমুখী বজাৰগৃহৰ কাম, প্রায় ২০০খন গাডী ৰখোৱা আস্থান, জিৰণি ঘৰ আৰু ৰেষুটৰেণ্টৰ শুভাৰম্ভ কৰে ড০ শর্মাই৷ ইয়াৰ পাছতে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত টি এম পি কেৰ সোণালী জয়ন্তী বর্ষৰ শুভাৰম্ভণি দুদিনীয়া বর্ণাঢ়্য কার্যসূচীৰে অনুষ্ঠিত মুকলি সভাত উপস্থিত হয়৷ উক্ত সোণালী বর্ষৰ কার্যসূচীত স্বাস্থ্যমন্ত্রীগৰাকীয়্ নিজ ভাষণত কয় যে মিচিংসকলৰ ছাত্র সংগঠন টি এম পি কেৰ সোণালী জয়ন্তী উদ্যাপন কৰাৰ মুহূর্ততে লাইকা দধিয়াবাসীয়ে বিনিদ্র ৰজনী কটাইছে৷ আমি পুনৰ এবাৰ লাইকা দধিয়াত সংগ্রাম কৰি থকাসকলৰ ওচৰত মূৰ দোঁৱাইছেছা৷ শীঘ্রে আমি আমাৰ দায়িত্ব পালন কৰি সমস্যাটোৰ সমাধান কৰাৰ প্রতিশ্রুতি দিছোঁ৷ চৰকাৰে ইতিমধ্যে এখন উচ্চস্তৰীয় কমিটী গঠন কৰিছে আৰু লাইকা দধিয়াবাসীয়ে শীঘ্রে তেওঁলোকৰ সমস্যা সমাধানৰ মুখ দেখিব বুলি ড০ শর্মাই কয়৷ তেওঁ লগতে কয় যে টি এম পি কেৰ দীঘলীয়া সংগ্রামৰ পৰিণতি হিতাপে আজি ৭ লাখ মিচিং লোকে স্বায়ত্তশাসিত পৰিষদখন লাভ কৰিছে৷ মিচিং পৰিষদক সাংবিধানিক মর্যাদা দিবলৈ কেন্দ্রলৈ অনুমোদনৰ বাবে প্রস্তাৱ প্রেৰণ কৰা হৈছে৷ শীঘ্রে মিচিং স্বায়ত্তশাসিত পৰিষদখনে সাংবিধানিক মর্যাদা লাভ কৰিব৷ অসমৰ মাটি–পানী ৰক্ষা কৰিবলৈ হ’লে স্বায়ত্তশাসন ব্যৱস্থাৰ জৰিয়তেহে সেয়া সম্ভৱ৷ অসমীয়া সমাজখন যদি আক্রমণকাৰীৰ পৰা বচাব লাগে, তেন্তে সকলোৱে একত্রিত হৈ নিজাববীয়াকৈ প্রত্যাহ্বান ৰূপে থিয় হ’ব লাগিব বুলি মন্ত্রী ড০ শর্মাই কয়৷
সভাত শদিয়াৰ বিধায়ক বলীন চেতিয়াই কয়– জাতি শক্তিশালী হ’বলৈ জাতিক নেতৃত্ব দিয়াসকল শক্তিশালী হ’ব লাগিব৷ আজি মিচিং সমাজ যথেষ্ট শক্তিশালী আৰু শিক্ষিত৷ সেয়ে মিচিং ছাত্র সংগঠন টি এম পি কে শক্তিশালী বুলি মানি লৈছোঁ৷ লগতে আমি সকলো জাতি–জনগোষ্ঠী মিলি বৰ অসম গঢ়িব লাগিব বুলি বক্তব্য আগবঢ়ায়৷ জোনাইৰ বিধায়ক ভুবন পেগু, ধেমাজিৰ বিধায়ক ৰণোজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা, টি এম এম কেৰ সভানেত্রী ঊষাৰাণী কুম্বাং, অৰুণাচলৰ নাৰি কয়োৰ বিধায়ক কিনট’ ৰিনাৰ লগতে ৰাজ্যৰ ছাত্র সংগঠনসমূহৰ নেতৃবৃন্দ উপস্থিত থাকে৷