কংগ্রেছৰ লগত ইউডিএফৰ সম্পর্ক ১০০ শতাংশ অটুট আছে
নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ ‘ৰাজ্যত আগন্তুক উপ–নির্বাচনত এ আই ইউ ডি এফৰ ভূমিকা কি হ’ব, সেয়া ১৩ আগষ্টৰ দলীয় সভাত সিদ্ধান্ত হ’ব৷ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ সম্পর্ক আজিও এশ শতাংশ ঠিকেই আছে৷ ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰ বিজেপিলৈ নাযায়৷ অখিল গগৈ নতুনকৈ ৰাজনীতিলৈ আহিছে৷ গতিকে যি মন যায় তাকেই ক’ব৷’ –এই মন্তব্য এ আই ইউ ডি এফপ্রধান বদৰুদ্দিন আজমলৰ৷
গোৱালপাৰাত শনিবাৰে কেইবাটাও চৰকাৰী কার্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে উপস্থিত হৈ সাংসদগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে উপ–নির্বাচনক লৈ এ আই ইউ ডি এফে এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই৷
‘১৩ আগষ্টত আমাৰ এখন দলীয় গুৰুত্বপূর্ণ সভা আছে আৰু তাত সকলো সিদ্ধান্ত লোৱা হ’ব৷’ –তেওঁ কয়৷
ইফালে বিধায়ক অখিল গগৈ সন্দর্ভত সোধা এক প্রশ্নত আজমলে কয় যে অখিল গগৈ নতুন ৰাজনীতিক৷ এজন আন্দোলন কৰা মানুহ৷ নতুনকৈ ৰাজনীতিলৈ আহিছে, নতুনকৈ বিধায়ক হৈছে, গতিকে যি মন যায় তাকেই ক’ব৷ ৰাজনীতিত আমাৰ ১৫ বছৰ হৈছে৷ অখিল গগৈৰ লগত এ আই ইউ ডি এফৰ কোনোদিনে পুৰণা বন্ধুত্ব নাছিল৷ কংগ্রেছৰ লগত আমাৰ সম্পর্ক এশ শতাংশ ঠিকেই আছে৷ ৰিপুণ বৰা সভাপতি হিচাপে থাকোঁতেও কংগ্রেছ ভাল আছিল আৰু ভূপেন বৰা সভাপতি হোৱাৰ পাছতো ভাল হ’ব৷
ইফালে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ বিজেপিলৈ গমন কৰা সন্দর্ভত আজমলে কয় যে ফণী তালুকদাৰ বিজেপিলৈ নাযায়৷ এই বিষয়টোক লৈ ব্লেকমেইলিং চলি আছে৷ যদি তেওঁ যায়, তেন্তে আমি নিলম্বন নকৰোঁ, তেওঁ নিজেই এ আই ইউ ডি এফ পদত্যাগ কৰি যাব লাগিব৷ আৰু যদি যায়, তেন্তে আমাৰ ক’বলগীয়া নাই৷ ভৱানীপুৰ আমাৰ সমষ্টি, আমি তিনিবাৰ জিকিছো সমষ্টিটোত৷
উল্লেখ্য যে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে শনিবাৰে গোৱালপাৰা জিলাত উপস্থিত হৈ জিলাখনৰ পূব বিধানসভা সমষ্টিত প্রধানমন্ত্রীৰ গ্রাম চড়ক যোজনাৰ ৫টা গুৰুত্বপূর্ণ পথ নির্মাণৰ আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কার্যসূচীত সমষ্টিটোৰ বিধায়ক এ কে ৰছিদ আলমো উপস্থিত থাকে৷
আধাৰশিলা স্থাপন কার্যসূচীৰ পূর্বে সাংসদ আজমলে জিলা উপায়ুক্ত কার্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূর্ণ সভাতো উপস্থিত থাকে৷ সভাত জিলাখনৰ ভিন্ন প্রান্তত চলি থকা গৰাখহনীয়া প্রতিৰোধ সম্পর্কে আলোচনা কৰা হয়৷ গৰাখহনীয়া প্রতিৰোধৰ বাবে জলসম্পদ বিভাগৰ অনুমোদিত আঁচনিৰ উপৰি এম জি এনৰেগাৰ জৰিয়তে গৰাখহনীয়া প্রতিৰোধৰ ব্যৱস্থা কৰিবলৈ তেওঁ পোষকতা কৰে৷
লগতে গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কেন্দ্রীয় চৰকাৰৰ আঁচনি অনুমোদনৰ বাবে সংকল্প পত্র প্রস্তুত কৰি কেন্দ্রীয় জলসম্পদ মন্ত্রীক প্রদান কৰিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে৷