নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈত কিচামত গাঁওবুঢ়া লাগে

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ নগাঁও জিলাৰ আমচৈ অঞ্চলৰ আমচৈ কিচামত তিনি বছৰতকৈও অধিক কাল গাঁওবুঢ়া নথকাৰ বাবে উক্ত কিচামত বসবাস কৰা লোকসকল দুৰ্ভোগ ভুগি থকিবলগীয়া হৈছে ।

গাঁওবুঢ়াৰ প্ৰয়োজনীয় প্ৰমাণ পত্ৰৰ বাবে সেই অঞ্চলৰ ৰাইজে প্ৰায় চাৰি কিলোমিটাৰ পথ খোজ কাঢ়ি গৈ বেলতলাত থকা বৰ্তমান আমচৈ কিচামৰো দায়িত্ব পালন কৰি থকা মেৰাগঁড় গ্ৰাণ্ট কিতাপৰ গাঁওবুঢ়াৰ ওচৰলৈ গৈ থাকিবলগীয়া হৈছে ।

এই বিষয়ে আমচৈ কিচামৰ ৰাইজে নগাঁও জিলাৰ জিলা উপায়ুক্তক লিখিতভাৱে ইতিমধ্যে আবেদন কৰিছে যদিও জিলা উপায়ুক্তই এতিয়াও আমচৈ কিচামত নতুন গাঁওবুঢ়া নিযুক্তি দিয়া নাই। আমচৈ কিচামৰ ৰাইজে অচিৰেই আমচৈ কিচামত গাঁওবুঢ়া নিযুক্তি দিবলৈ নগাঁও জিলাৰ জিলা উপায়ুক্তৰ ওচৰত দাবী জনাইছে ।

You might also like