ঠেঙাল কছাৰী স্বাঃ শাঃ পৰিষদৰ নিৰ্বাচনঃ নগাবাট-বৰহোলা-মাধপুৰ সমষ্টিত ঘৰে ঘৰে প্ৰচাৰ চলাইছে প্ৰাৰ্থীয়ে
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী : ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বৰ্তমান তিতাবৰ মহকুমাৰ অন্তৰ্গত শাসক-বিৰোধী উভয় প্ৰাৰ্থীয়ে আৰম্ভ কৰিছে নিৰ্বাচনী কুজকাৱাজ। পৰিষদৰ অন্তৰ্গত ১ নং নগাবাট সমষ্টি, ২ নং বৰহোলা সমষ্টি আৰু ৩ নং মাধপুৰ সমষ্টিত বিজেপি, কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ঘৰে ঘৰে গৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনলৈ মাজত মাথো ১৫ দিন বাকী। ইয়াৰ মাজতে অনুষ্ঠিত হ’ব ভোগালী বিহু। গতিকে এই কম সময়চোৱাত ব্যাপক তৎপৰতাৰে ভোটাৰ ৰাইজৰ কাষলৈ গৈ ভোটদানৰ আহ্বান জনাইছে প্ৰাৰ্থী সকলে। ১ নং নগাবাট সমষ্টিৰ বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থী বিপুল কছাৰীয়ে বহু সংখ্যক সমৰ্থকক লগত লৈ ভোটাৰৰ ঘৰে ঘৰে গৈ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।
মঙলবাৰে সন্ধিয়া ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও ১ নং নগাবাট সমষ্টিত ক্ষন্তেকৰ বাবে উপস্থিত হৈ বিপুল কছাৰীৰ প্ৰচাৰ কাৰ্যত সংগ দিয়ে। বিগত বৰ্ষত বিপুল কছাৰী নগাবাট সমষ্টিৰ কাৰ্যবাহী সদস্য হিচাপে আছিল বাবে ৰাইজৰ মাজত বৰ্তমানেও যথেষ্ট জনপ্ৰিয়তা আছে। সমান্তৰালকৈ নগাবাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুনীল ৰেগনেও চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ। তিতাবৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা আৰু কংগ্ৰেছৰ দখলত থকা বেকাজান পঞ্চায়তৰ সভানেত্ৰী, কাউন্সিলৰ, ৱাৰ্ড সদস্য সকলে সুনীল ৰেগনৰ প্ৰচাৰ কাৰ্যত সহযোগিতা আগবঢ়াইছে। প্ৰচাৰৰ সময়ত ৰাইজৰ উৎসাহ আৰু সহযোগিতাই আনন্দিত কৰি তুলিছে বুলি সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰিছে বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই।
ইপিনে ২ নং বৰহোলা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা বিজেপি-অগপ মিত্ৰযোঁটৰ প্ৰাৰ্থী মনচুমী পাঠক, কংগ্ৰেছ প্ৰাৰ্থী বন্তি বৰা শইকীয়াইয়ো ঘৰে ঘৰে আৰম্ভ কৰিছে প্ৰচাৰ কাৰ্য। লক্ষ্যণীয় যে বৰহোলা সমষ্টিত শক্তিশালী ৰূপত প্ৰতিদ্বন্দিতা আগবঢ়াইছে নিৰ্দলীয় প্ৰাৰ্থী বন্দিতা শইকীয়াই। বন্দিতা শইকীয়াৰ প্ৰাৰ্থীৰ স্বামী পাৰ্থ প্ৰতিম শইকীয়া বিগত পৰিষদীয় নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই জয় লাভ কৰিছিল। আৰু পৰৱৰ্তী সময়ত এগৰাকী সক্ৰিয় কাৰ্যনিৰ্বাহ সদস্য হিচাপে বৰহোলা সমষ্টিত ৰাইজৰ সেৱা আগবঢ়াইছিল। কিন্তু এইবাৰ ২ নং বৰহোলা সমষ্টিটো মহিলাৰ বাবে সংৰক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত পাৰ্থ প্ৰতিম শইকীয়াৰ পত্নী বন্দিতা শইকীয়াই শক্তিশালী ৰূপত নিৰ্বাচনত অৱৰ্তীণ হৈছে।
আনহাতে পিছ পৰি ৰোৱা নাই ৩ নং মাধপুৰ সমষ্টিৰ বিজেপি মিত্ৰযোঁটৰ প্ৰাৰ্থী প্ৰতাপ কছাৰীও। প্ৰতাপ কছাৰীৰ বিৰুদ্ধে যুঁজত নামিছে কংগ্ৰেছৰ প্ৰাৰ্থী অনিল কছাৰীয়ে। আটাইকেইকেইগৰাকী প্ৰাৰ্থীয়ে নিজা নিজা ৰণকৌশৰ প্ৰস্তুত কৰি প্ৰতিদ্বন্দিতাত নামিছে যদিও কোনে কিমান ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হ’ব সেয়া সময়ত স্পষ্ট হ’ব।
প্ৰতিবেদক : অজয় শইকীয়া, নগাবাট