নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজপথত কটা গো-মুণ্ড উদ্ধাৰক লৈ মালিবাৰী অঞ্চলত চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : নগৰবেৰাৰ মালিবাৰীত চাঞ্চল্যকৰ কাণ্ড। দুৰ্বৃত্তই ৰাজপথৰ মাজত পেলাই থৈ গ’ল কটা গো-মুণ্ড | পুৰাণ মালিবাৰী বজাৰৰ মাজত বৃহস্পতিবাৰে পুৱাই সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড | তেজে তুমৰলি হৈ পথৰ মাজত পৰি থকা গো-মুণ্ডটো পুৱাই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাত তীব্ৰ চাঞ্চল্য বিৰাজ কৰে  অঞ্চলজুৰি | নিশা কোনোবা দুৰ্বৃত্তই পথৰ মাজত এনেদৰে কটা গো-মুণ্ডটো  পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ সম্পূৰ্ণ হিন্দু বসতিপ্ৰধান এলেকা এটাত এনেকৈ কটা গো-মুণ্ড উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ উদ্দেশ্যে দুষ্ট চক্ৰই এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ স্থানীয় গাঁওবাসীৰ | পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গো-মুণ্ডটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও উক্ত মালিবাৰী পুৰাণ বজাৰত উদ্ধাৰ হৈছিল গো- মুণ্ড | হিন্দু বসতিপ্ৰধান অঞ্চল এটাত এনেকৈ বাৰে বাৰে গো-মুণ্ড উদ্ধাৰ হোৱা ঘটনাক স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে তীব্ৰ গৰিহণা দিয়াৰ লগতে তদন্তসাপেক্ষে এই কাণ্ডৰ স’তে জড়িত চক্ৰটোক ধৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like