নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা বিভীষিকাৰ অন্ত হোৱাৰ কামনাৰে বটদ্রৱা থানত থিয়নাম

নিয়মীয়া বাৰ্তা , ২৭ জুলাই:  সভ্যতাৰ বিজয়ধ্বজা উৰুৱাই আগবাঢ়ি যোৱা মানৱ জাতিৰ সন্মুখত প্রত্যাহ্বান কঢ়িয়াই অনা এই মহামাৰীৰ পৰা পৰিত্রাণ বিচাৰি আজি এক ধর্মীয় অনুষ্ঠান অনুষ্ঠিত হ’ল জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মস্থান শ্রীশ্রীবটদ্রৱা থানৰ ঐতিহাসিক নাটঘৰ প্রাংগণত৷ আগশাৰীৰ সংবাদ গোষ্ঠী ‘নিউজ লাইভ’ আৰু ‘নিয়মীয়া বার্তা’ কাকতৰ আহ্বানৰ প্রতি সঁহাৰি জনাই আজি বটদ্রৱা থানত এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ স্বাস্থ্য বিধি অনুসৰণ কৰি সামাজিক দূৰত্ব ৰক্ষা কৰাৰ লগতে মাস্ক পৰিধান কৰি এই অনুষ্ঠানত অংশগ্রহণ কৰে গায়ন–বায়ন তথা ভকত সমাজে৷ ক’ৰোনা ভাইৰাছ সম্পূর্ণৰূপে বিনাশ কৰাৰ প্রার্থনাৰে বটদ্রৱা থানাত থিয়নাম পৰিৱেশন কৰে ভকত বৈষ্ণৱসকলে৷

বটদ্রৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱাৰ বিশেষ তৎপৰতাত আৰু ‘নিউজ লাইভ’–‘নিয়মীয়া বার্তা’ৰ সাংবাদিকসকলৰ উদ্যোগত অনুষ্ঠিত এই ধর্মীয় অনুষ্ঠানত বটদ্রৱা থানৰ হাটিবহাৰ কেউলীয়া ভকত বৈষ্ণৱ আৰু গায়ন–বায়নসকলে অংশগ্রহণ কৰে৷ তাল, খোল, দবা, নাগাৰাৰ পৱিত্র ধ্বনিত মুখৰ হৈ পৰে বটদ্রৱা থানৰ চৌহদ৷ কীর্তনৰ গ্রাহ গজেন্দ্র উপাখ্যানৰ ‘ওঁ হৰি এ গৰুড়ৰ স্কন্ধে ভকতক ৰাখিব লাগি আসিলা প্রবন্ধে’ শীর্ষক প্রার্থনাৰে ভকত বৈষ্ণৱসকলে নেদেখাজনৰ ওচৰত ক’ৰোনাৰ পৰা পৰিত্রাণ বিচাৰে৷

You might also like