নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত তৃতীয় দিনাও গাঁও-চহৰত খহনীয়া অব্যাহত

নিয়মীয়া বাৰ্তা, ২৭ জুন: যোৱা তিনি দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চিৰাং জিলাৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীয়ে জিলাখনৰ ঠায়ে ঠায়ে ৰাস্তা-ঘাটৰ বিস্তৰ ক্ষতি কৰিছে। ক’ৰবাত যদি গড়কাপ্তানী পথত থকা কালভাৰ্ট পানীৰ কোবাল সোঁতে উটুৱাই নিছে,আন ক’ৰবাত খেতি পথাৰত থকা কঠিয়াতলী উচন কৰাৰ লগতে গড়কাপ্তানী পথৰ অধিকাংশ খহাই পেলোৱাৰ ফলত যাতায়াত ব্যাহত হৈ পৰিছে ।

জিলাখনৰ গ্ৰামাঞ্চলৰ লগতে নগৰাঞ্চলতো খহনীয়াই বিস্তৰ ক্ষতি সাধন কৰিছে। আজি জিলাখনৰ অন্তৰ্গত বাসুগাঁও চহৰৰ তিনি নং ৱাৰ্ডৰ থুৰিবাৰী পথত খহনীয়া আৰম্ভ হৈছে। কালিৰে পৰা কৃত্ৰিম বানে এই পথছোৱাত সামান্য পৰিমাণে খহনীয়াৰ সৃষ্টি কৰিছিল যদিও আজি তীব্ৰ সোঁতে অধিকাংশই খহাই পেলোৱাৰ ফলত উক্ত পথটোৰে যাতায়াত বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে ।

একে ধৰণে বাসুগাঁও চহৰৰ ভুটিয়াপাৰা এলেকাতো বাঢ়নী পানীয়ে পথৰ এটা অংশ উটুৱাই লৈ যোৱাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে । জিলাখনৰ ভূটান সীমান্তৱৰ্তী বৃহত্তৰ ৰুণিখাতা অঞ্চলতো বাঢ়নীপানীয়ে ৰাস্তা-ঘাটৰ যথেষ্ট ক্ষতি সাধন কৰাৰ বাতৰি পোৱা গৈছে।

You might also like