১৩ ডিচেম্বৰৰ জোনাই জিলা ট্ৰাইবেল সংঘৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ সদৌ অসম ট্ৰাইবেল সংঘৰ জোনাই জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশনখন অহা ১৩ ডিচেম্বৰ তাৰিখে লেকু জেলম দক্ষতা বিকাশ কেন্দ্ৰত অনুষ্ঠিত হ’ব। অধিৱেশনখন সৰ্বতোপ্ৰকাৰৰ সাফল্য মণ্ডিত কৰি তুলিবলৈ গঠন কৰা অভ্যৰ্থনা সমিতিখনে ইতিমধ্যে চলাইছে ব্যাপক প্ৰস্তুতি।
নৰেশ কুম্বাঙক সভাপতি,বিউটি গয়াৰীক কাৰ্যকৰী সভাপতি আৰু বিনেশ পাতিৰক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা মূল অভ্যৰ্থনা সমিতিৰ লগতে উপ সমিতিসমূহেও নিজ নিজ বিভাগৰ কাম-কাজ আগুৱাই নিয়াৰ ব্যৱস্থা হাতত লোৱা দেখা গৈছে।
অধিৱেশন উপলক্ষে অভ্যৰ্থনা সমিতিয়ে প্ৰকাশ কৰিবলৈ লোৱা “ট্ৰাইবেল ভইচ অৱ জোনাই ” নামৰ স্মৃতিগ্ৰন্থখনৰ কাম প্ৰায়েই সম্পূৰ্ণ হোৱাৰ পথত। প্ৰায় তিনি শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব লগা অধিৱেশনত টিএমপিকে,সোণোৱাল কছাৰী ছাত্ৰ সন্থা,এবছু,তিৱা ছাত্ৰ সন্থা,দেউৰী ছাত্ৰ আদি জনজাতীয় ছাত্ৰ সংগঠনসমূহে মিলিজুলি আদৰণি তোৰণ নিৰ্মাণৰ কাম হাতত লোৱা পৰিলক্ষিত হৈছে।
অধিবেশনৰ ১৩ ডিচেম্বৰৰ পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব জোনাই জিলা ট্ৰাইবেল সংঘৰ সভাপতি অজিত ৰেগনে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব জোনাই জিলা ট্ৰাইবেল সংঘৰ উপ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে।