গোৱালপাৰাত জে’লত সোমাল উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা তিনি কংগ্রেছী
নিয়মীয়া বাৰ্তা ২ মেঃ যোৱা ২৮ এপ্রিলৰ দিনা গোৱালপাৰাৰ ষ্ট্রংৰুমৰ তিনিগৰাকী চিচি টিভি অপাৰেটৰক ই ভি এম জালিয়াতিৰ সন্দেহত একাংশ কংগ্রেছীয়ে শাৰীৰিকভাৱে নির্যাতন চলাইছিল৷ পাছত শাৰীৰিকভাৱে নির্যাতনৰ বলি হোৱা চিচি টিভি অপাৰেটৰ ভবেন নাথ আৰু জিলা প্রশাসনে কেইবাগৰাকী লোকৰ বিৰুদ্ধে গোচৰ তৰাত আৰক্ষীয়ে পাঁচগৰাকী লোকক আটক কৰে যদিও ইয়াৰে তিনিগৰাকীক গ্রেপ্তাৰ কৰি শনিবাৰে জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা অভিযুক্তকেইগৰাকী হ’ল আবু শ্বামা, আলতাফ হুছেইন, চাহাবুদ্দিন শ্বেখ৷
অভিযুক্ত কংগ্রেছীকেইজনৰ বিৰুদ্ধে ইতিমধ্যে গোৱালপাৰা সদৰ থানাত ২৮২/২১, ২৮৪/২ under Section ৩৪২,৩২৩,১৭১চি, ৩৫৩/৩৪ আইপিচিত গোচৰ ৰুজু কৰা হৈছে ৷ কর্তব্যৰত কর্মচাৰীক নির্যাতন চলোৱাৰ অভিযোগত তিনিওজনক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰা হয়৷
উল্লেখ্য যে গোৱালপাৰা মহাবিদ্যালয়ৰ ষ্ট্রংৰুমত চিচি টিভি কেমেৰাৰ বিসংগতিৰ অভিযোগ তুলি যোৱা ২৮ এপ্রিলত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা কংগ্রেছ প্রার্থী আব্দুৰ ৰছিদ মণ্ডল, পূব গোৱালপাৰা বিধায়ক তথা প্রার্থী এ কে ৰছিদ আলম আৰু জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লাই একাংশ কংগ্রেছ কর্মীক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ প্রার্থীকেইগৰাকীৰ সন্মুুখতে চিচি টিভিৰ অপাৰেটৰকেইগৰাকীক শাৰীৰিকভাৱে আক্রমণ চলাইছিল৷ আজিও উক্ত ঘটনাক লৈ তীব্র প্রতিক্রিয়া অব্যাহত আছে জিলাখনত৷