বৃহস্পতিবাৰে ক’ৰোনাত আক্রান্ত তিনিগৰাকী ব্যক্তিৰ মৃত্যু
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ ক’ভিডৰ মৃত্যুৰ বিভীষিকাৰ পৰা এতিয়াও উদ্ধাৰ হোৱা নাই অসম৷ বৃহস্পতিবাৰেও ৰাজ্যখনত তিনিগৰাকী ক’ভিড ৰোগীয়ে প্রাণ হেৰুৱায়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি, বৃহস্পতিবাৰে ওদালগুৰিৰ সৰস্বতী সিন্হা (৫৯), কামৰূপ মেট্র’ৰ মহম্মদ নজৰুল ইছলাম (৭৫) আৰু বঙাইগাঁৱৰ সাধন মজুমদাৰ (৬৪)ৰ মৃত্যু হয়৷
মন্ত্রী ড০ শর্মাই তিনিওগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ক’ভিডত বৃহস্পতিবাৰে তিনিগৰাকী লোকৰ বিয়োগ হোৱাত ৰাজ্যখনত এতিয়ালৈ ক’ভিডত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১,০১০গৰাকীলৈ বৃদ্ধি পালে৷