নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুকুৰমাৰা বন বিভাগৰ অভিযানত নগৰবেৰাত শালৰ কুণ্ডা জব্দ

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত নগৰবেৰাৰ জামলাইত আজি বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ শাল আৰু অন্য কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া ৰঞ্জন কুমাৰ গোস্বামীৰ নিৰ্দেশ মৰ্মে কুকুৰমাৰা খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথৰ নেতৃত্বত পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত নগৰবেৰাৰ জামলাইত আজি কুকুৰমাৰা বন বিভাগৰ এটি দলে দিনৰ প্ৰায় ১১ বজাত অভিযান চলাই নদীৰ পাৰত আৰু পানী যুৱলীত ২৭টা শাল কাঠৰ কুণ্ডা আৰু ১০৬টা অন্য কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় ২ লাখ ৫০ হেজাৰ হ’ব । উল্লেখ্য কুকুৰমাৰা খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথে বিশেষ খবৰ লাভ কৰি অভিযান চলাই কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত কাঠখিনি নগৰবেৰাৰ নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া কাৰ্যালয়লৈ লৈ যোৱা বুলি জানিব পৰা গৈছে।

You might also like