নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ পুলিবাগানত চোৰাংকাঠ ভৰ্তি গাড়ী জব্দ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চাপানালা খণ্ড বন কাৰ্যালয়ৰ এটা বন কৰ্মীৰ দলে যোৱানিশা চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই পুলিবাগানৰ পৰা এখন চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷

বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, যোৱা নিশা পুলিবাগানৰ পৰা চোৰাং কাঠ বেপাৰীয়ে চোৰাংকাঠ অনা বুলি এক গোপন সূত্ৰৰ পৰা জানিব পাৰি চাপানালা বন কাৰ্যালয়ৰ এটা বন কৰ্মী দলে অভিযান চলায় ৷ পৰৱৰ্তী সময়ত বনকৰ্মী দলটোৱে পুলিবাগানৰ পথৰ পৰা এ এছ ০২ এচি ২৯১১ নম্বৰৰ এখন চোৰাংকাঠ ভৰ্তি গাড়ী জব্দ কৰাৰ লগতে চালক আৰু পৰিচালক পলাই যায় বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷

আনহাতে বন বিভাগে জব্দ কৰা চোৰাং মাকৈ শালৰ চাৰিটা কুণ্ডাৰ বজাৰৰ মূল্য প্ৰায় অৰ্ধ শতাধিক টকা হ’ব বুলি বন বিভাগে জানিবলৈ দিয়াৰ লগতে উক্ত চোৰাংকাঠ ভৰ্তি গাড়ীখন বৰ্তমান চাপানালা বন কাৰ্যালয়ত আছে বুলি জানিব পৰা গৈছে ৷

You might also like