তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন আমচৈত চাৰিগৰাকীৰ মনোনয়ন দাখিল
নিয়মীয়া বাৰ্তা,৫ ডিচেম্বৰঃ অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত পৰিষদৰ ২৫নং চহৰী সমষ্টিৰ পৰা এইবাৰৰ নিৰ্বাচনত চাৰি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। বিজেপি দলৰ পৰা মোহন সেনাপতি, কংগ্ৰেছ দলৰ পৰা নিকুঞ্জ পাটৰ, নিৰ্দলীয় প্ৰাৰ্থী দ্বিপেন কোঁৱৰ আৰু বিজয় আগৰৱালা । এইবাৰ ২৫ নং চহৰী সমষ্টি সংৰক্ষণ মূক্ত হোৱাৰ বাবে প্ৰথমবাৰৰ বাবে এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ আমচৈ অঞ্চলৰ যুৱকে মনোনয়ন পত্ৰ দাখিল কৰিছে । নিৰ্দলীয় প্ৰাৰ্থী দ্বিপেন কোঁৱৰৰ প্ৰতীক চিহ্ন ফুটবল আৰু নিৰ্দলীয় প্ৰাৰ্থী বিজয় আগৰৱালাৰ প্ৰতীক চিহ্ন বাকচ । বিজয় আগৰৱালাৰ বাহিৰে অন্যান্য তিনিও গৰাকী প্ৰাৰ্থীয়ে আমচৈ অঞ্চলত ইতিমধ্যে প্ৰচাৰ কাৰ্য আৰম্ভ কৰি দিছে । এই প্ৰচাৰ কাৰ্যৰ মাজত মাৰপিটৰ ঘটনাও সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । আজি ৫ ডিচেম্বৰৰ ৰাতিপুৱা ৯ টা বজাত বুঢ়াৰজা গাঁৱত প্ৰাৰ্থী সকলৰ প্ৰতীক চিহ্নক লৈ পথে পথে গান গাই যোৱাৰ বাবে যোগেশ কোঁৱৰ নামৰ এজন ব্যক্তিক এজন প্ৰাৰ্থীৰ সমৰ্থকে মাৰপিট কৰি ৰক্তাক্ত কৰে । এই লৈ মাৰপিট কৰোঁতা জনৰ বিৰুদ্ধে যোগেশ কোঁৱৰে ইতিমধ্যে আমচৈ আৰক্ষী চকীত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে । প্ৰচাৰ। কাৰ্যৰ মাজত দল বিৰোধী কাৰ্যও ঘটি থকা পৰিলক্ষিত হৈছে । আমচৈ অঞ্চলৰ কিছুসংখ্যক বিজেপি দলৰ কৰ্মীয়ে দলীয় প্ৰাৰ্থীৰ সলনি নিৰ্দলীয় প্ৰাৰ্থী দ্বিপেন কোঁৱৰৰ হৈ প্ৰচাৰ কাৰ্যত অৱতীৰ্ণ হৈছে ।