নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৱা জাতীয় সংগঠনৰ ১২ ঘণ্টীয়া মধ্য অসম বন্ধৰ প্ৰভাৱ মৰিগাঁৱত সৰ্বাত্মক

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন, ২০১৭ তিৱা স্বায়ত্ত পৰিষদ এলেকাৰ পৰা প্ৰত্যাহাৰ, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদান আৰু অধিসূচনাত বাদ পৰি থকা তিৱা অধ্যুষিত গাঁওসমূহ তিৱা স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্তিৰ দাবীত সদৌ তিৱা ছাত্ৰ সন্থা আৰু সহযোগী তিৱা জাতীয় সংগঠনৰ আহ্বানত পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া মধ্য অসম বন্ধ শান্তিপূৰ্ণভাৱে সমাপ্ত হয়।

তিৱা ছাত্ৰ সন্থাৰ সম্পাদক চেনিৰাম মালাঙে এক বিবৃতিযোগে বন্ধ সফল কৰাৰ বাবে মধ্য অসমৰ সকলো শ্ৰেণীৰ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনায় । গণতন্ত্ৰত বিশ্বাসী সদৌ তিৱা ছাত্ৰ সন্থাই ভৱিষ্যতে গ্ৰহণ কৰা সকলো ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীত মধ্য অসমৰ জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ আন্তৰিক সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণৰ বাবে আহ্বান জনায়।

কাৰণ মধ্য অসমত খিলঞ্জীয়া তথা ভূমিপুত্ৰসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ খাতিৰত সাংবিধানিক অধিকাৰ প্ৰতিষ্ঠাৰ বাবে এক স্থায়ী সংবিধান প্ৰদত্ত প্ৰশাসনিক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে দাবী উত্থাপন কৰিছে। এই অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজ ইয়াৰ অংশীদাৰ। খিলঞ্জীয়া তথা ভূমিপুত্ৰসকলৰ মাজত এক সমন্বয়, সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে জীয়াই থাকিব বিচাৰে বুলি বিবৃতিত উল্লেখ কৰে।

You might also like