নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ ইতিবাচক কামত বিধি-পথালি সহ্য নকৰে তিৱা ছাত্ৰ সন্থাই

বাৰ্তা বুৰো, ৮ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰীৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাৰ পিছত বৰ্তমান তিৱা জনজাতিৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত কিছু প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে। এনে সময়তে একাংশ তিৱা জনজাতিৰ চিৰবৈৰী, সুবিধাবাদী স্বাৰ্থপৰ একাংশই চৰকাৰৰ কামকাজত বিধিপথালি নিদিবলৈ সকীয়নি তিৱা ছাত্ৰ সন্থাৰ। আজি তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনিৰাম মালাঙে সংবাদ মেলত কয় যে তিৱা জনজাতিৰ মৌলিক যিবোৰ দাবী সেয়া পূৰণৰ বাবে চৰকাৰৰ সৈতে হোৱা আলোচনাৰ অন্তত কিছু অনুশীলন আৰম্ভ হৈছে। অৱশ্যে ইয়াৰ মাজতে একাংশ তিৱা জাতিবিৰোধী শক্তিয়ে ইয়াত নিজৰ গুৰুত্ত বঢ়াবলৈ বিধি-পথালি দিবলৈ চেষ্টা কৰাটো সহজভাবে লোৱা নহব। আনহাতে চৰকাৰে তেওঁলোকৰ দাবী পূৰণত গুৰুত্ব নিদিলে অহা ৩১ অক্টোবৰৰ পিছৰ পৰা পুনৰ জংগী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি ঘোষণা কৰে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like