তিৱা পৰিষদৰ নিৰ্বাচন, ৮৪১গৰাকী বিষয়া-কর্মচাৰীৰ নিজ গন্তব্যস্থানলৈ যাত্ৰা
শান্তি-শৃংখলা বৰ্তাই ৰখাৰ আহ্বান মৰিগাঁও জিলা উপায়ুক্তৰ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ তিৱা স্বায়ত্ব শাসিত পৰিসদৰ নিৰ্বাচন উপলক্ষে মৰিগাঁও কলেজ খেল পথাৰত স্থাপন কৰা অস্থায়ী নিৰ্বাচনী কাৰ্যলয় পৰা দায়িত্ব প্ৰাপ্ত বিষয়া কৰ্মচাৰী সকলে প্ৰয়োজনীয় সামগ্ৰী লৈ যাত্ৰা আৰম্ভ কৰে।
উল্লেখ্য যে মৰিগাঁও জিলাৰ ১৮৭টা ভোট গ্ৰহণ কেন্দ্ৰত ১৮টা সমষ্টিৰ বাবে ৮৪১ গৰাকী বিষয়া কৰ্মচাৰীয়ে ভোট গ্ৰহণ কৰিব। পুৱা ৭.৩০ বজাৰ পৰা সন্ধিয়া ৪.৩০ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হব। আজি পুৱাৰ পৰা মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসে সমগ্ৰ ব্যৱস্থা পৰ্যবেক্ষণ কৰি শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি প্ৰকাশ কৰে।
আনহাতে কভিড প্ৰটকল অনুসৰি ভোট গ্ৰহণ কেন্দ্ৰত মাস্ক, গ্লোভচ, ছেনীটাইজাৰ আদিও যোগান ধৰিছে প্ৰশাসনে। উল্লেখ্য কালিলৈ মৰিগাঁও জিলাত ১,৪৩,৬৫৫ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব।