নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিক ওফৰাবলৈ ৰাইজক সাজু হোৱাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ

বস্ত্রনগৰী শুৱালকুছিত নির্বাচনী ৰণডংকা বজালে অসম জাতীয় পৰিষদে

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ জালুকবাৰী সমষ্টিৰ শুৱালকুছিত আজি আগন্তুক বিধানসভা নির্বাচনৰ ৰণডংকা বজালে নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদে৷ শুৱালকুছিৰ কলিতা মন্দিৰ বালিচৰত আবেলি ২ বজাৰ পৰা প্রিন্সফাইজুল হকৰ সভাপতিত্বত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ জাতীয় জনজাগৰণ সভাত অংশগ্রহণ কৰি সভাপতি লুৰিণজ্যোতি গগৈয়ে বর্তমান ৰাজ্যত বিজেপি চৰকাৰখনে স্বেচ্ছাচাৰী শাসন চলোৱা বুলি অভিযোগ কৰি এই চৰকাৰখনে অসমখন এখন জে’ললৈকে ৰূপান্তৰিত কৰিবলৈ ওলোৱা বুলি মন্তব্য কৰে৷ অসমত আন্দোলন কৰিলে শ্বহীদৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা কোৱা দেশৰ গৃহমন্ত্রীৰ মন্তব্যই দেশৰ স্বাধীনতা আন্দোলনত হোৱা শ্বহীদসকলক অপমাণিত কৰা বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে দিল্লী–দিছপুৰৰ চৰকাৰখনে হিন্দু–মুছলমানক ভাগ ভাগ কৰি এক সাম্প্রদায়িক ৰাজনীতি কৰি অসমৰ সাতামপুৰুষীয়া ঐক্যত ভাঙোন আনিব বিচাৰিছে৷ অসমত ‘কা’ জাপি দি বাংলাদেশীক স্বদেশী কৰিব বিচাৰিছে৷ ‘কা’ৰ জৰিয়তে অসমৰ কৃষ্টি–সংস্কৃতি নিঃশেষ কৰিবলৈ চৰকাৰখনে উঠিপৰি লাগিছে৷ অসমত ‘কা’ জাপি দি অসমীয়াক চিৰকাললৈ পংগু কৰিব বিচৰা হৈছে৷ অসমীয়াৰ দৰে স্বাভিমান জাতি এটাক চিৰকাললৈ পংগু কৰিব বিচৰা চৰকাৰখনক যিকোনো মূল্যৰ বিনিময়ত আগন্তুক বিধানসভা নির্বাচনত ওফৰাবলৈ সভাপতি গগৈয়ে অসমবাসীক আহ্বান জনায়৷ সভাত কার্যকৰী সভাপতি প্রবীন্দ্র ডেকাইবিজেপি চৰকাৰখনে জাত–পাতৰ ৰাজনীতি কৰি অসমখন ভাঙি–ছিঙি থান–বান কৰিব বিচাৰিছে বুলি উল্লেখ কৰি কয় যে চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই অসমত জে’ল খাব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে৷

You might also like