আজি গোভা ৰজাৰ ৰাজদৰবাৰত মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ জাগীৰোডৰ ইতিহাসপ্রসিদ্ধ জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কার্যসূচীৰে আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা৷ পৰম্পৰা অনুসৰি মাঘ বিহুৰ প্রথমটো বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈ আহিছে এই ঐতিহাসিক জোনবিল মেলা৷ এই মেলাতেই কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰিব আধুনিক মুদ্রাৰ প্রচলন৷ বৃহস্পতিবাৰে পুৱা ৬ বজাত গোভা ৰজাৰ ঐতিহাসিক দেওশাল শিৱ মন্দিৰত মাংগলিক পর্বৰ সম্পন্ন হোৱাৰ পিছত মেলাথলীত ৯ বজাত পতাকা উত্তোলন কৰে গোভাৰজা দীপছিং দেওৰজাই৷ ইফালে বিনিময় প্রথাৰ বাবে ইতিমধ্যেই পাহাৰৰ পৰা মামা–মামীসকলে কৃষিজাত সামগ্রীৰ মেটমৰা সম্ভাৰ লৈ মেলাথলীত খেৰ আৰু বাঁহেৰে অস্থায়ী জুপুৰি সজাই বাহৰ পাতিছে৷ কাইলৈ কাহিলিপুৱাতে মেলাস্থলীত মেঘালয় আৰু কার্বি আংলং জিলাৰ পৰা অহা পাহাৰৰ মামা–মামী আৰু ভৈয়ামৰ লোকসকলৰ মাজত অনুষ্ঠিত হ’ব বিনিময় প্রথা৷
ঐতিহ্যৰ স্বাক্ষৰ বহনকাৰী বিনিময় প্রথা পর্ব মুকলি কৰিব মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে৷ বিভিন্ন জাতি–জনগোষ্ঠীৰ সমাহাৰেৰে বহু যুগ যুগ ধৰি জোনবিলৰ পাৰত চলি অহা এই বিনিময় প্রথাত এইবেলিও পাহাৰৰ মামা–মামীসকলে ভৈয়ামৰ লোকসকলৰ লগত বিভিন্ন কৃষিজাত সামগ্রী আদা, কচু, হালধি, কোমোৰা আদিৰ সৈতে বিনিময় কৰিব সান্দহ, পিঠা, লাড়ু, শুকান মাছ আদি৷ সমান্তৰালকৈ চলিব সমূহীয়া মাছ মৰা পর্ব৷ কাইলৈ পুৱা ১০.৩০ বজাত দীপছিং দেওৰজাৰ নেতৃত্বত অনুষ্ঠিত হ’ব ৰাজদৰবাৰ৷ তাত মধ্য অসমৰ ১৮গৰাকী ৰজাই অংশগ্রহণ কৰিব৷ গোভা ৰজাৰ এই ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা৷ লগতে আমন্ত্রিত অতিথি হিচাপে মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলা উপস্থিত থাকিব৷ অনুষ্ঠানতে অসম চৰকাৰে মধ্য অসমৰ তিৱা ৰজাসকলক ৰাজভাট্টা প্রদান কৰিব৷ ১৮গৰাকী তিৱা ৰজাক প্রদান কৰা হ’ব ১ লাখ টকাকৈ ৰাজভাট্টা৷