টংলাৰ ৰুবিনা বড়োৰ অস্বাভাৱিক মৃত্যুৰ ৰহস্য হোৱা নাই ভেদ
৪ অক্টোবৰত গুৱাহাটীৰ পংকজ ৰাভাৰ ঘৰলৈ আহিছিল বনকৰা হিচাপে
নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ টংলা ভূঞাখাটৰ সমীপৱর্তী তথা কলাইগাঁও থানাৰ অন্তর্গত হাতীবান্ধাৰ যুৱতী ৰুবিনা বডোৰ অস্বাভাৱিক মৃত্যুৰ ৩ দিন পাছতো ভেদ হোৱা নাই ৰহস্য৷ ইতিমধ্যে যুৱতীগৰাকীৰ মৃত্যু সন্দর্ভত বিভিন্ন গাফিলতি পোহৰলৈ আহিছে যদিও আৰক্ষীয়ে সোপাঢ়িলা স্থিতি গ্রহণৰ অভিযোগ উত্থাপিত হৈছে৷ স্থানীয় লোকে যুৱতীগৰাকীৰ মৃত্যুত মর্মাহত হৈ অপৰাধীক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ পোষকতা কৰিছে যদিও আৰক্ষীয়ে উদ্যমহীন মনোভাবে পৰিয়াল আৰু গাঁওবাসীক আশাহত কৰা পৰিলক্ষিত হৈছে৷ ‘নিয়মীয়া বার্তা’ৰ তৰফৰ পৰা এই লৈ চলোৱা এক অনুসন্ধানত স্পষ্ট হৈ পৰিছে বিভিন্ন গাফিলতি৷ একেদৰে যুৱতীগৰাকীৰ অস্বাভাৱিক মৃত্যুৰ আঁৰত তৃতীয় পক্ষ জডিত থকাৰো আশংকা ঘনীভূত হৈছে৷ যুৱতীগৰাকীক পৰিকল্পিতভাৱেই হত্যা কৰি ৰোগত আক্রান্ত হৈ মৃত্যু হোৱাৰ এখন বিফল নাটক প্রকাশ কৰা বুলি ৰাইজে ক্ষোভ ব্যক্ত কৰে৷ লক্ষণীয় যে ৪ অক্টোবৰ দেওবাৰে হাতীবন্ধাৰ বাংৰু বডোৰ কন্যা ৰুবিনা বডোক সম্পর্কীয় মাহীয়েকে জিএনআৰচিৰ অস্ত্রোপচাৰ কক্ষৰ সহায়ক হিচাপে কর্মৰত পংকজ ৰাভা আৰু মনোমতী ৰাভাৰ সন্তানক চোৱা–চিতাৰ বাবে মাহিলি ৩ হাজাৰ মজুৰিৰ বিনিময়ত গুৱাহাটীলৈ লৈ যায়৷ ৰুবিনাই গুৱাহাটীৰ ৰাভা দম্পতীৰ সন্তানক চোৱাচিতা কৰাটোৱেই আছিল একমাত্র দায়িত্ব৷ ৰুবিনাই পোনতে আনৰ ঘৰত যাব বিচৰা নাছিল যদিও পংকজ ৰাভাৰ মূল ঘৰ ৰুবিনাৰ সৈতে একেখন জিলাৰে খৈৰাবাৰীত হোৱাহেতুকে কিছু পৰিমাণে সৈমান হৈছিল৷ ইয়াৰ বাদেও যুৱতীগৰাকীয়ে দীর্ঘদিনৰ পৰা এটা এণ্ড্রইড ম’বাইল লোৱাৰ সপোন দেখি আহিছিল৷ সেয়া ঘৰুৱা উপার্জনেৰে সম্ভৱ নোহোৱাত মাত্র আগন্তুক মাঘ বিহুলৈ অর্থাৎ ৩ মাহ গুৱাহাটীত অচিনাকি পৰিয়ালত সহায়িকা হিচাবে যোৱাৰ সিদ্ধান্ত লয়৷ ৪ অক্টোবৰৰ আবেলি ৰাভাৰ গুৱাহাটীৰ ঘৰলৈ যায়৷ ৯ অক্টোবৰ পর্যন্ত ৰুবিনাই হাতত থকা সাধাৰণ ফোনেৰেই গাঁৱৰ দুই–চাৰি সমনীয়াৰে কথা পাতি ঘৰৰ খবৰ লৈ আছিল৷ শনিবাৰে পুৱাৰ ভাগত পংকজ ৰাভাই ৰুবিনাৰ সম্পর্কীয় মাহীয়েকক যুৱতীগৰাকী তীব্র জ্বৰত ভুগি থকা বুলি প্রকাশ কৰে৷ ৰুবিনাক তেওঁ কর্মৰত চিকিৎসালয়তে ভর্তি কৰোৱাব বুলি প্রকাশ কৰে৷ ইয়াৰ পাছত দিনত কোনো ধৰণে যোগাযোগ নকৰি শনিবাৰে নিশা ৰুবিনা সুস্থ হৈ উঠিছে বুলি আকৌ খবৰ কৰে৷ ফোনত পৰিয়ালৰে কথা বার্তা পতাৰ সলনি ৰুবিনাই জিৰণি লৈ থকা বুলিহে জনায়৷ এনেদৰে জিৰণি লৈ থকা ৰুবিনা দেওবাৰেই পুৱতি নিশা ঘূৰি আহে নীৰৱ, নিথৰ ৰূপত৷ নিশা ২ বজাত হাতীবান্ধাত এম্বুলেন্সত মৃতদেহ লৈ আহি পংকজ ৰাভাই ৰুবিনাৰ মৃত্যু হোৱা বুলি পৰিয়ালক জনায়৷ শনিবাৰে নিশা যুৱতীগৰাকীক কোন চিকিৎসকে ক’ত কেনেদৰে চিকিৎসা কৰিছিল তাৰ নথি ৰাইজে চাব বিচাৰে যদিও পংকজ ৰাভাই সেয়া দেখুওৱাত ব্যর্থ হয়৷ পংকজ ৰাভাই যে এই সকলোবোৰ মিছা মাতিছে সেয়া স্থানীয় সকলোৱে অনুভৱ কৰিছে আৰু এয়া এক হত্যাকাণ্ড আখ্যা দিছে৷ কিন্তু আৰক্ষীৰ তদন্ত অথবা মৰণোত্তৰ পৰীক্ষাত বাদে শুদ্ধ প্রমাণৰ বিকল্প নোহোৱা হৈ পৰিছে৷ সোমবাৰে কলাইগাঁও থানাত ৰুবিনাৰ মৃত্যুক লৈ পৰিয়ালে এখন এজাহাৰ দাখিল কৰে৷ এইক্ষেত্রত কার্যবাহী দণ্ডাধীশ আৰু আৰক্ষীয়ে দুটা ব্যতিক্রমী পদক্ষেপেৰে চর্চিত হৈ পৰে৷ সাধাৰণতে যি স্থানত শেষ নিশ্বাস ত্যাগ কৰে, সেই স্থানৰ এলেকাৰ থানা আৰু নিকটৱর্তী চৰকাৰী চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰোৱাব লাগে৷ ঘটনাস্থলীতে যিকোনো তদন্ত বা পৰৱর্তী পদক্ষেপ লৈ আহিছে দণ্ডাধীশে৷ কিন্তু ৰুবিনা বডোৱে উত্তৰ গুৱাহাটীত প্রাণ হেৰুৱালে, উত্তৰ গুৱাহাটীৰ পৰা পলিথিনত বান্ধি এম্বুলেন্সত ভৰাই কমেও ৭৫ কিমি লৈ যোৱা হল হাতীবান্ধাত কিন্তু দণ্ডাধীশে ঘটনাস্থলীত নহয় গতাই দিয়া স্থানতে প্রাথমিক তদন্ত কৰিলে আৰু আৰক্ষীয়ে গুৱাহাটীৰ পৰিৱর্তে ওডালগুৰিত কৰিলে মৰণোত্তৰ পৰীক্ষা৷ কেৱল অস্বাভাৱিক মৃত্যু বুলিয়েই গোচৰ ৰুজু কৰি মৰণোত্তৰ পৰীক্ষা কৰিলে৷ কিন্তু শুকুৰবাৰে নিশা কি ঘটিছিল পংকজ ৰাভাৰ ঘৰত? শনিবাৰে চিকিৎসা কৰোৱা বুলি ফোনত কোৱা বিষয়টো কিমান সত্য? সেয়া ‘নিয়মীয়া বার্তা’ৰ পৰৱর্তী প্রতিবেদনত পাব প্রকাশ।