পর্যটকক আদৰ–আপ্যায়নৰ বাবে মানাহত বড়ো সম্প্রদায়ৰ পৰম্পৰাগত খাদ্য মেলা
নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ মানাহ ৰাষ্ট্রীয় উদ্যানত পর্যটকক আদৰ–আপ্যায়নৰ বাবে দুটা মহিলা আত্মসহায়ক গোটে গ্রহণ কৰিছে বিশেষ ব্যৱস্থা ৷ ‘গানজেমাং’ শীর্ষক অনুষ্ঠানৰ যোগেদি চোমখোৰ মিথিংগা অনচাই আফাদ আৰু চোমাইনা নামৰ মহিলা আত্নসহায়ক গোট দুটাই বডো জনগোষ্ঠীৰ পৰম্পৰাগত থলুৱা খাদ্যসম্ভাৰ পর্যটকক পৰিৱেশনৰ বাবে মানাহৰ মূল প্রৱেশদ্বাৰৰ নাতিদূৰৈত মুকলি কৰিছে পৰম্পৰাগত খাদ্যমেলা ৷ য’ত মানাহলৈ অহা পর্যটকে সোৱাদ ল’ব পাৰিব বডো জনগোষ্ঠীৰ বিভিন্ন জুতি লগা পৰম্পৰাগত খাদ্যৰ৷
আনহাতে, এই গোট দুটাই বডো জনগোষ্ঠীৰ বাগৰুম্বা, খেৰাই আদি নৃত্যও পর্যটকক পৰিৱেশনৰ ব্যৱস্থ গ্রহণ কৰিছে ৷ উল্লেখযোগ্য যেFMS Food Trails নামৰ গুৱাহাটীস্থিত সংস্থা এটাৰ প্রতিষ্ঠাপক তথা ৰন্ধনপ্রকৰণ বিশেষজ্ঞ মিতালী জি দত্ত নামৰ পর্যটন উদ্যমী মহিলাগৰাকীয়ে ২০১৭ বর্ষতে আত্মসহায়ক গোট দুটাৰ মহিলাসকলক থলুৱা খাদ্যৰ ৰন্ধনপ্রকৰণ–পৰ্ সন্দর্ভত প্রশিক্ষণ দি এই ব্যৱস্থাৰ শুভাৰম্ভণি কৰিছিল৷ এই পর্যটন বর্ষটো কালিৰ পৰা মুকলি কৰা হৈছে এই থলুৱা খাদ্যমেলাৰ৷ আত্মসহায়ক গোট দুটাৰ এই বিশেষ পদক্ষেপকFMS Food trails Guwahati, WWF-India ৰ উপৰি বন বিভাগে সহযোগ আগবঢ়াইছে৷ তদুপৰি, এই বিশেষ ব্যৱস্থাৰ দ্বাৰা মানাহৰ পর্যটন উদ্যোগ অধিক বিকশিত হ’ব বুলি আশা প্রকাশ কৰিছে সহযোগী সংস্থাসমূহৰ বিষয়ববীয়াই৷