ছয়গাঁৱত আইন নমনা বাছ আৰু মটৰচাইকেলৰ বিৰুদ্ধে গ্ৰহণ কৰিলে ব্যৱস্থা
নিয়মীয়া বাৰ্তাৰ বাতৰিৰ সত্যতা প্ৰমাণিত
নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ কালি নিয়মীয়া বাৰ্তাত ‘দক্ষিণ কামৰূপৰ একাংশ গাড়ী চালকৰ মইমতালি’ শীৰ্ষক এক বাতৰি সবিস্তাৰে প্ৰকাশ হোৱাৰ পিছতে আজি কামৰূপ জিলা পৰিবহণ বিভাগৰ বিষয়া কাৰ্যালয়ৰ পৰা বিষয়া তথা কৰ্মচাৰী উপস্হিত হৈ ছয়গাঁও আৰু বকোত নিময় নমনা গাড়ীৰ বিৰুদ্ধে অভিযান চলাই ৪১খন বাছ আৰু মটৰ চাইকেলৰ ই-চালান কাটে।
উল্লেখ্য যে অভিযানৰ সময়ত বাছকেইখনত প্ৰায় ৪০ জন যাত্ৰী আনিছিল আৰু মটৰচাইকেলকেইখনৰ আৰোহীয়ে বাইক চলোৱা সময়ত হেলমেট পৰিধান কৰা নাছিল, যাৰ বাবে পৰিবহণ বিভাগে অভিযান চলাই তেওঁলোকৰ বিৰুদ্ধ ব্যৱস্থা গ্ৰহণ কৰে ।
আজি এই অভিযানত কামৰূপ জিলা পৰিবহণ কাৰ্যালয়ৰ পৰিদৰ্শক বিক্ৰম আদিত্য গগৈ, পৰিদৰ্শক এম হুছেইন, সহকাৰী পৰিদৰ্শক জয়ন্ত পাটগিৰিৰ লগতে বিষয়া-কৰ্মচাৰী । উল্লেখ্য যে প্ৰশাসনে বান্ধি দিয়া সামাজিক দূৰত্ব নামানি একাংশ লোকে ক’ৰোনাৰ দোহাই দি ধন ঘটাত ব্যস্ত । বিশেষকৈ দক্ষিণ কামৰূপৰ একাংশ গাড়ীৰ মালিক তথা চালকৰ মইমতালিৰ বাবে যাত্ৰীসকল অতিষ্ঠ হৈ পৰিছে।
গাড়ীৰ ভাড়া বৃদ্ধি কৰাত যাত্ৰীসকল আপত্তি কৰা নাই যদিও বেছিভাগ গাড়ীয়ে ৫০ শতাংশ যাত্ৰী গাড়ীত উঠোৱাৰ বিপৰীতে ১০০ শতাংশ যাত্ৰী উঠোৱা বুলি অভিযোগ উত্থাপন কৰি আহিছে। সামাজিক দূৰত্ব ধোঁৱাচাঙত তুলি কেৱল নিজৰ ব্যক্তিগত মুনাফা লাভৰ বাবে প্ৰশাসনৰ নিয়মনীতিক জলাঞ্জলি দিছে।