নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া ইটাখুলিৰ পৱন নায়কৰ প্ৰবঞ্চনাৰ বলি অৰুণাচল নামচাইৰ তিনিজন আদিবাসী শ্ৰমিকঃ কৰ্ণাটকত কটাইছে দুৰ্বিষহ জীৱন

আদিবাসী কেন্দ্ৰীয় সমিতিৰ সভাপতি থমাছ নায়কৰ তীব্ৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ   আদিবাসী সহজ সৰল মানুহখিনিৰ জীৱনক লৈ এক শ্ৰেণী দালালে হেতালি খেলি থকা আজি আৰু নতুন কথা হৈ থকা নাই। বিভিন্ন সময়ত বিভিন্ন ধৰণে লাঞ্ছিত, প্ৰতাৰিত আৰু প্ৰবঞ্চনাৰ বলি হৈ অহা এই অদিবাসী লোকসকলৰ মাজত শেহতীয়া ভাবে তিনি গৰাকী লোক কেনেভাবে কৰ্ণাটকত দুৰ্বিষহ জীৱন অতিবাহিত কৰি আছে তাৰে এক তথ্য সহকাৰে প্ৰতিচ্ছবি সাংবাদিকৰ আগত দাঙি ধৰিছে অৰুণাচল আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি থমাছ নায়কে। ছাত্ৰ নেতা গৰাকীয়ে জানিব দিয়ামতে আজিৰ পৰা তিনিবছৰ মানৰ পূৰ্বে তিনিচুকীয়া জিলাৰ ইটখুলি চাহ বাগিচাৰ ১৬ নং লাইনৰ পৱন নায়ক নামৰ দালাল জনে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ পিয়ঙ চাৰ্কোলৰ পিতা পুত্ৰ ক্ৰমে মাণিক কৰ্মকাৰ আৰু তেওঁৰ দুই পুত্ৰ গোপালা আৰু কানায়হাক অধিক মুনাফাৰ প্ৰলোভন দেখুৱাই অসমলৈ আনে আৰু ১০ হাজাৰ টকা হাতত দি ৰেলত কৰ্ণাটকলৈ নিৰ্ধাৰিত ঠিকনালৈ পঠাই দিয়ে।

এতিয়া তিনিজন কৰ্ণাটকত আছে। ( থানা নাপলু, গাঁও আজমুত )। এতিয়া কৰ্ণাটকত শ্ৰম কৰাৰ নামত দাসত্ব জীৱন কটাই থকা পিতা পুত্ৰই ৮ ঘন্টা কাম কৰাৰ পাছত দিয়া হয় এশ টকা হাজিৰা। সেই টকাৰে নাই নিজে পোহপাল যাব পৰিছে বা ঘৰত এৰি থৈ অহা মাতৃলৈ পঠিয়াবলৈ পৰিছে। বহু সময়ত এটকাও নিদিয়ে আৰু খুজিব গলেই মাৰপিট ভাবুকি প্ৰদান কৰে বুলি প্ৰকাশ। তিনিচুকীয়াৰ ইটাখুলি চাহ বাগিচাৰ পৱন নায়ক নামৰ যি জন ব্যক্তিয়ে তেওঁলোকক কৰ্ণাটকলৈ পঠাইছিল সেই ব্যক্তিজনে পঠোৱাৰ দিন ধৰি আজিৰ লৈকে তেওঁলোকৰ লগত কোনো যোগাযোগ ৰখা নাই। এই সমস্ত কথা কানায়হা কৰ্মকৰে ভিডিঅ’ যোগে অসমবাসীলৈ প্ৰেৰণ কৰাত আদিবাসী ছাত্ৰ সন্থাৰ হাতত সেই ভিডিঅ’ ক্লিপটো পৰে আৰু সন্থাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। ছাত্ৰ নেতা থমাছ নায়কে ইয়াৰ এটা উচিত বিচাৰ হব লাগে আৰু পৱন নায়ক নামৰ ব্যক্তি জনৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰি তিনিজন ব্যক্তিক উদ্ধাৰ কৰি আনিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

You might also like