৮৬০গৰাকী শ্বহীদলৈ দুলীয়াজান আছুৰ শ্ৰদ্ধাঞ্জলি
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকে ধৰি ৮৬০ গৰাকী শ্বহীদক সুঁৱৰি আজি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্হাই অনাড়ম্বৰভাৱে কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰে।
এই উপলক্ষে দুলীয়াজান কেন্দ্ৰীয় শ্বহীদ বেদীস্থলীত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমৱেত হয় আছুৰ আঞ্চলিকৰ অন্তগৰ্ত শাখা-উপশাখাৰ নেতৃত্ব-সদস্যসকল । সকলোৰে উপস্হিতিত দুলীয়াজান আঞ্চলিকৰ সভাপতি বুবুল তালুকদাৰে পতাকা উত্তোলন কৰা লগতে সম্পাদক দিপাংকৰ গগৈ প্ৰমুখ্যে অন্যান্য সদস্যসকলে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্বহীদলৈ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে ।